মেঘালয়ত ক্ষমতালৈ আহিলেই বিপিএল পৰিয়ালক বিনামূলীয়া ‘ছেনিটেৰী নেপকিন’ দিয়াৰ প্ৰতিশ্ৰুতি বিজেপিৰ

sanitary

সমগ্ৰ দেশজুৰি ‘পেডমেন’ৰ জ্বৰ অব্যাহত থকাৰ মাজতে মেঘালয় বিধানসভা নিৰ্বাচনত ‘ছেনিটেৰি নেপকিন’ক নিৰ্বাচনী অস্ত্ৰ হিচাপে লৈ চৰ্চা লাভ কৰিছে বিজেপিয়ে।

বৃহস্পতিবাৰে ৰাজ্যখনত ‘ভিজন ডকুমেণ্ট’ মুকলি কৰি নিৰ্বাচনত জয়লাভ কৰিলেই দলটোৱে দাৰিদ্ৰ্যসীমাৰ তলত বাস কৰা পৰিয়ালৰ মহিলা সকলক বিনামূলীয়াকৈ ছেনিটেৰি নেপকিন দিয়া হ’ব বুলি ঘোষণা কৰিছে।

উল্লেখ্য যে বিজেপিয়ে পাহৰীয়া ৰাজ্যখনৰ দুখীয়া আৰু পিছপৰা ৰাইজৰ সমৰ্থন লাভ কৰাৰ বাবে অহৰহভাৱে চেষ্টা চলাইছে।

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে মুকলি কৰা ‘ভিজন ডকুমেণ্ট’ত বিজেপিয়ে লগতে দিন হাজিৰা কৰা লোকক পেন্সন, চৰকাৰী কৰ্মচাৰীক সপ্তম বেতন আয়োগৰ ভিত্তিত দৰমহা, পৰ্যটন ক্ষেত্ৰত দুই লাখ কৰ্মসংস্থান সৃষ্টি আদিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

তদুপৰি ক্ষমতালৈ আহলে দলটোৱে স্বাস্থ্য-শিক্ষা খণ্ডৰ উন্নতিৰ বাবে বিশেষ কেতবোৰ ব্যৱস্থা গ্ৰহণৰো প্ৰতিশ্ৰুতি দিছে ৰাজ্যখনৰ জনসাধাৰণক।

এই সকলোৰে মাজত ‘ভিজন ডকুমেণ্ট’ত ‘ছেনিটেৰি নেপকিন’ক ঠাই দিয়া বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে মেঘালয়ৰ ৰাইজৰ মাজত।

বিৰোধী পক্ষই বিজেপিৰ প্ৰতিশ্ৰুতিক সমালোচনা কৰাৰ মাজতে ‘ছেনিটেৰি নেপকিন’ৰ ৰাজনীতিৰে কংগ্ৰেছৰ দুৰ্গ খ্যাত পাহাৰীয়া ৰাজ্যখনত দলটোৱে কেনে প্ৰদৰ্শন আগবঢ়ায় সেয়া লক্ষণীয় হ’ব বুলি প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লষক সকলে।