মেঘালয়ত কৰ্মৰত সামৰিক বাহিনীৰ বিষয়া-কৰ্মচাৰীক মেঘালয়ৰ ভোটাৰ হিচাপে নধৰিবলৈ আহ্বান মেঘালয় কংগ্ৰেছৰ

মেঘালয় প্ৰদেশ কংগ্ৰেছে আজি ৰাজ্যখন ভ্ৰমণ কৰিবলৈ অহা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত অচল কুমাৰ জ্যোতিক সাক্ষাৎ কৰি অহা বছৰৰ প্ৰথমভাগতে অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনত কৰ্মৰত অন্য ৰাজ্যৰ সামৰিক বিষয়া-কৰ্মচাৰী তথা বিভিন্ন সামৰিক বাহিনীবোৰত কৰ্মৰত নেপালৰ নাগৰিকক মেঘালয়ৰ ভোটাৰ হিচাপে নধৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে মুখ্য নিৰ্বাচন আয়ুক্তজন আন দুজন নিৰ্বাচন আয়ুক্ত ক্ৰমে ওম প্ৰকাশ ৰাৱত আৰু সুনীল আৰোৰাৰ সৈতে নিৰ্বাচন অভিমুখী মেঘালয়ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যখনলৈ আহিছে? নিৰ্বাচন আয়োগৰ দলটোক লগ কৰাৰ পিছত মেঘালয় প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক এছ পি থাপাই সাংবাদিকৰ আগত কয় যে বিভিন্ন সামৰিক গোটবোৰত নিয়োজিত বেছিভাগ লোকেই অন্য প্ৰদেশৰ আৰু গোৰ্খা ৰেজিমেণ্টৰ দৰে কিছুমান ভাৰতীয় সেনাৰ গোটত আনকি নেপালৰ লোকো আছে।

‘এই কৰ্মচাৰীসকলে ইতিপূৰ্বে ভোটাৰ হিচাপে তেওঁলোকৰ নিজা নিজা ৰাজ্যত নাম পঞ্জীয়ন কৰি থৈছে আৰু সেইবাবে তেওঁলোক কেৱল তেওঁলোকৰ ৰাজ্যতহে সামৰিক কৰ্মচাৰী ভোটাৰ হোৱা উচিত। কেৱল সামৰিক সেৱাত নিয়োজিত হোৱাৰ সুবাদতেই কেনেকৈ আন ৰাজ্য তথা নেপালৰ লোকে মেঘালয়ৰ ভোটাৰ হিচাপে ভোটদান কৰিবলৈ পাব?’ সাধাৰণ সম্পাদকজনে কয়।

এই বিষয়টোৰ লগতে মেঘালয় প্ৰদেশ কংগ্ৰেছে অহা নিৰ্বাচনত বেলট পেপাৰ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে। লগতে তেওঁলোকে প্ৰতিটো সমষ্টিৰ মাত্ৰ এটা ভোটকেন্দ্ৰৰহে ই ভি এমৰ ভোটৰ লগতে VVPAT গণনা কৰাৰ নিৰ্বাচন আয়োগৰ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ ওপৰত প্ৰশ্ন তোলে।

‘আমি সকলো ভোটকেন্দ্ৰতে ই ভি এমৰ ভোটৰ লগতে VVPAT গণনা কৰিবলৈ দাবী জনাইছো। যদি সকলো ভোটকেন্দ্ৰতে ই ভি এমৰ ভোটৰ লগতে VVPAT গণনা নকৰে তেন্তে VVPAT প্ৰয়োগ কৰাৰ কি অৰ্থটো থাকিল?’ মেঘালয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যবাহী সভাপতি বিজয় ৰাজে কয়।