এনআৰচিৰ বিৰূপ প্ৰতিক্ৰিয়া : মেঘালয়ত বৰাক উপত্যকাৰ যাত্ৰীক হাৰাশাস্তি

KSU-Infeltration-Check-Point-Jaintia-570x320

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ পাছত চুবুৰীয়া ৰাষ্ট্ৰ মেঘালয়ত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। বিশেষকৈ মেঘালয়ৰ মাজেৰে  অ’লৈ ত’লৈ অহা-যোৱা কৰা বৰাক উপত্যকাৰ যাত্ৰীসকলৰ এই ক্ষেত্ৰত দুৰ্দশা বাঢ়িছে।

মেঘালয়ৰ প্ৰভাৱশালী ছাত্ৰ সংগঠন খাছি ছাত্ৰ সন্থাই অবৈধ অনুপ্ৰৱেশকাৰীৰ তালাচীৰ মাত্ৰা বৃদ্ধি কৰি তুলিছে। অবৈধ অনুপ্ৰৱেশকাৰীক বিচৰাৰ নামত বিশেষকৈ বৰাক উপত্যকাৰ পৰা অহা যাত্ৰীসকলক মেঘালয়ৰ বিভিন্ন অঞ্চলত হাৰাশাস্তি কৰাৰ বাতৰি পোৱা গৈছে।

মঙলবাৰে বাছেৰে মেঘালয়ৰ মাজেৰে অহা-যোৱা কৰা বৰাক উপত্যকাৰ যাত্ৰীসকল ৰাজ্যখনত তীব্ৰ হাৰাশাস্তিৰ মুখামুখি হৈছে।

যাত্ৰীসকলক নথিপত্ৰ দেখুৱাবলৈ কোৱাৰ লগতে দুৰ্ব্যৱহাৰো কৰা হৈছিল।

দুৰ্ব্যৱহাৰৰ মুখামুখি হোৱা যাত্ৰীসকলে ঘটনাটোক দুঃখজনক আখ্যা দিছে।

ইতিমধ্যে, কাচাৰৰ জিলা উপায়ুক্ত ড০ লক্ষ্মণ এছ আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে অসমৰ মুখ্য সচিব টি ৱাই দাসক শেহতীয়া ঘটনা সন্দৰ্ভত অৱগত কৰিছে।

দুয়োগৰাকীয়ে মেঘালয়ৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বাৰ্তালাপ কৰিছে বুলি জানিব পৰা গৈছে।

বাতৰি পোৱা মতে পূব জয়ন্তীয়া পাহাৰতেই অধিক হাৰাশাস্তিৰ ঘটনা সংঘটিত হৈছে।

ইয়াৰ পূৰ্বে মঙলবাৰে নামনি অসম আৰু বৰাক উপত্যকাক সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথত খাছি ছাত্ৰ সন্থাই চলোৱা অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ অভিযানত ১০০০ জনৰো অধিক অনুপ্ৰৱেশকাৰীক ধৰা পেলোৱা বুলি দাবী কৰিছিল।

খাছি ছাত্ৰ সন্থাৰ স্বেচ্ছাসেৱকসকলে  ৰি ভই, পূব জয়ন্তীয়া পাহাৰ আৰু পশ্চিম খাছি পাহাৰৰ বিভিন্ন স্থানত অনুপ্ৰৱেশ তালাচী চকী স্থাপন কৰিছিল।

এই স্থানৰ পৰা ভালেমান ট্ৰাক আটক কৰাৰ লগতে বাহিৰৰ পৰা অহা শ শ লোকক এই তালাচী চকীসমূহত আটক কৰি ৰাখা হৈছিল।