মেঘালয়ত ভোট গণনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে

Security-in-Meghalaya-570x320

ভোট গণনা আৰম্ভ কৰাৰ বাবে ২৪ ঘন্টাতকৈয়ো কম সময় থকাৰ মাজতে মেঘালয়ত কোনো ধৰণৰ সুৰঙা নৰখাকৈ সুৰক্ষাকে ধৰি সকলো ব্যৱস্থা সাজু কৰি তোলা হৈছে।

শনিবাৰে ৰাতিপুৱা ইভিএমসমূহ খোলা হ’ব। মঙলবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱা মেঘালয় বিধানসভা নিৰ্বাচনত মুঠতে ৩৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।

ভোটগণনাৰ বাবে প্ৰস্তুতিসমূহ পৰিদৰ্শন কৰাৰ মাজতে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি মেঘালয়ৰ মুখ্য নিৰ্বাচনী বিষয়া এফ আৰ খাৰকংগোৰে কয় যে গণনা প্ৰক্ৰিয়াটো মসৃন কৰি তোলাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।

ৰাজ্যখনৰ ১৫ টা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব শ্বিলঙৰ পল’ গ্ৰাউণ্ডত।

দুটা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব ছোহৰাত বা সকলোৰে পৰিচিত চেৰাপুণ্জী আৰু মৈৰাঙত।

ইয়াৰ মাজতে ৰাজ্যিক আৰক্ষী বাহিনীয়ে ভোটগণনাৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেইটো নিশ্চিত কৰিবলৈ ব্যাপক সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিছে।

পূব খাচী পাহাৰৰ আৰক্ষী অধীক্ষক ডেভিচ মাৰাকে সংবাদ মাধ্যমক কয় যে ভোট গণনাৰ দিনটোত তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

মেঘালয়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পিছত এতিয়া ৰাজনৈতিক দলবোৰে শনিবাৰৰ দিনটোলৈ অপেক্ষা কৰিছে। ইতিমধ্যে প্ৰকাশ পোৱা সমীক্ষাক লৈ কোনো ৰাজনৈতিক দল যদি উৎফুল্লিত হৈ আছে আনসকলে এই সমীক্ষা প্ৰকৃত ফলাফলৰ প্ৰতিফলন নহয় বুলি দাবী কৰিছে।