সমাগত মেঘালয় বিধানসভা নিৰ্বাচনলৈ কেইটামান দিন বাকী থকা সময়তে শনিবাৰে উত্তৰ গাৰো পাহাৰৰ বজেঙদোবা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰায় ১৫০ গৰাকী কৰ্মী তথা ৩০০তকৈ অধিক প্ৰাথমিক সদস্যই এনপিপি দলত যোগদান কৰে।
কংগ্ৰেছৰ কৰ্মীসকলে এনপিপি দলৰ প্ৰাৰ্থী পোংছেং আৰ মাৰাকৰ প্ৰতি সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱাৰ লগতে তেওঁৰ কাৰণে কাম কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এনপিপি প্ৰাৰ্থী পোংছেং মাৰাকে কংগ্ৰেছী সমৰ্থকসকলক নিজ দললৈ আদৰণি জনাই কয়,’ আমি কংগ্ৰেছৰ সকলো কৰ্মীকে আমাৰ দললৈ স্বাগতম জনাইছো। তেওঁলোকে বজেঙদোবা সমষ্টিত এনপিপিক শক্তিশালী কৰিবলৈ কাম কৰিব বুলি আমি বিশ্বাস কৰো।’
১০ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগা এক নিৰ্বাচনী সমাৱেশত এনপিপিৰ সভাপতি কনৰাড কে চাংমাই তেওঁলোকক আনুষ্ঠানিক ভাৱে দললৈ আদৰণি জনাব।
চাংমাই কয়,’ আমি বহুত সুখী যে এনপিপি দলৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ বিভিন্ন ৰাজনৈতিক দলৰ পৰা বৃহৎ সংখ্যক কৰ্মী আগবাঢ়ি আহিছে। ই আমাৰ নেতা তথা প্ৰাৰ্থীসকলৰ মনোবল বৃদ্ধি কৰাৰ উপৰি আমাৰ প্ৰাৰ্থীসকলক নিজ নিজ সমষ্টিত জয়লাভ কৰাটো নিশ্চিত কৰিব। এনপিপিৰ ঢৌ ৰাজ্যখনৰ চুকে-কোণে বিয়পি পৰিছে আৰু বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীসকলে ইয়াক আঁকোৱালি লৈছে।’