মেঘালয়ৰ প্ৰতিষ্ঠাৰ ৪৬ বছৰ : আয়োজন নহ’ল কোনো অনুষ্ঠানৰ

মেঘালয় (মেঘৰ আলয়) এ দেওবাৰে ইয়াৰ প্ৰতিষ্ঠাৰ ৪৬ বৰ্ষত ভৰি দিলে। কিন্তু খ্ৰীষ্টান অধ্যুষিত ৰাজ্যখনত দেওবাৰ হোৱা বাবে প্ৰতিষ্ঠা দিৱসৰ কোনো আনুষ্ঠানিক আয়োজন দেখা পোৱা নগ’ল।

সোমবাৰে মেঘালয়ৰ ছছো থাম প্ৰেক্ষাগৃহত এটি চৰকাৰী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত উপস্থিত থাকিব মেঘালয়ৰ ৰাজ্যপাল গংগা প্ৰসাদ।

ৰাজ্যপালে প্ৰতিষ্ঠা দিৱস উপলক্ষে দিয়া বাৰ্তাত পাহাৰীয়া ৰাজ্যখনৰ জনসাধাৰণক তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰসাদে ব্যক্ত কৰে যে ইয়াৰ প্ৰাকৃতিক তথা খনিজ সম্পদ আৰু ইয়াৰ প্ৰতিভাৱান লোকৰ বাবে মেঘালয়ৰ বিশাল সম্ভাৱনা আছে।

৪৬ বৰ্ষত খোজ দিয়াৰ সময়ত মেঘালয়ৰ জনসংখ্যা ৩.২ নিযুত। বিকাশৰ দিশৰ পৰা ৰাজ্যখন এতিয়াও বহু পিছ পৰি আছে।

অসমৰ দুখন জিলা সংযুক্ত খাচী পাহাৰ আৰু জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰক লৈ মেঘালয় গঠন কৰা হৈছিল। পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়াৰ আগতে ১৯৭০ চনত মেঘালয়ক অৰ্দ্ধ স্বায়ত্ত্ব শাসনৰ মৰ্যাদা দিয়া হৈছিল।

উনবিংশ শতিকাত ব্ৰিটিছ প্ৰশাসনৰ অধীনলৈ অহাৰ আগতে খাচী, গাৰো আৰু জয়ন্তীয়াসকলৰ নিজৰ সাম্ৰাজ্য আছিল। ১৮৩৫ চনত ব্ৰিটিছে মেঘালয়ক অসমৰ অন্তৰ্ভুক্ত কৰি লৈছিল।

১৯০৫ চনৰ ১৬ অক্টোৱৰত লৰ্ড কাৰ্জনে বংগৰ বিভাজন ঘটোৱাত মেঘালয় নতুন পূব বংগ আৰু অসমৰ অংশ হৈ পৰে। অৱশ্যে ১৯১২ চনত পুনৰীক্ষণৰ সময়ত মেঘালয় অসম প্ৰদেশৰ অংশ হৈ পৰে।

এখন সুকীয়া পাহাৰীয়া ৰাজ্যৰ বাবে ১৯৬০ চনত এক আন্দোলন আৰম্ভ হৈছিল আৰু অসম পুনৰ্গঠন (মেঘালয়) আইন ১৯৬৯ অনুসৰি মেঘালয়ক ৰাজ্য হিচাপে স্বায়ত্ত্ব শাসনৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

এই আইন ১৯৭০ চনৰ ২ এপ্ৰিলত কাৰ্যকৰী কৰা হয় আৰু অসমৰ পৰা পৃথক হৈ মেঘালয় ৰাজ্যৰ জন্ম হয়।

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্ত্ব শাসিত ৰাজ্যখনৰ ৩৭ জন সদস্যযুক্ত বিধান পৰিষদ আছিল।

১৯৭১ চনত সংসদত উত্তৰ পূব এলেকা (পুনৰ্গঠন) আইন ১৯৭১ গৃহিত হয় আৰু স্বায়ত্ত্ব শাসিত ৰাজ্য মেঘালয়ক পূৰ্ণ ৰাজ্যলৈ পৰিৱৰ্তন কৰা হয়।

১৯৭২ চনৰ ২১ জানুৱাৰিত মেঘালয়ে ইয়াৰ ৰাজ্যৰ মৰ্যাদা লাভ কৰে আৰু ইয়াৰ নিজাকৈ ৬০ সদস্যযুক্ত বিধানসভা লাভ কৰে।

ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭২ চনৰ ২১ জানুৱাৰিত পল’ গ্ৰাউণ্ডত উপস্থিত হয় আৰু অসমৰ পৰা পৃথক এখন ৰাজ্য হিচাপে মেঘালয়ৰ জন্মৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।