NORTHEAST NOW (Assamese)

মেঘালয়ৰ প্ৰদেশ নিৰ্বাচন কমিটিয়ে অহা সপ্তাহত কংগ্ৰেছৰ টিকট প্ৰত্যাশীসকলৰ প্ৰাৰ্থিত্ব পৰীক্ষা কৰিব

January 19, 2018 9:59 pm · এন ই নাও নিউজ

মেঘালয়ৰ শাসকীয় কংগ্ৰেছ দলৰ প্ৰদেশ নিৰ্বাচন কমিটিয়ে অহা সপ্তাহত আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে প্ৰৰ্থিত্ব প্ৰত্যাশীসকলৰ প্ৰাৰ্থিত্বসমূহ পৰীক্ষা কৰিব। নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অহা ২৭ ফেব্ৰুৱাৰীত মেঘালয়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

শুকুৰবাৰে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই কয় যে কমিটিয়ে অহা সোমবাৰ বা মঙলবাৰে প্ৰাৰ্থিত্ব পৰীক্ষাৰ বাবে বহিব।

তেৰজনীয়া সদস্যযুক্ত নিৰ্বাচন কমিটিৰ মুৰব্বী হৈছে মেঘালয় প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু মন্ত্ৰী ড০ চেলেষ্টিন লিংডো।

কমিটিত মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাকো সদস্য হিচাপে ৰখা হৈছে। তদুপৰি কমিটিৰ আন সদস্য হৈছে মেঘালয় প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ভিনচেন্ট এইচ পালা আৰু প্ৰদেশ কংগ্ৰেছৰ উপদেষ্টা তথা জ্যেষ্ঠ নেতা ডি ডি লাপাং।

ৰাজনৈতিক পৰ্যবেক্ষকসকলে ব্যক্ত কৰিছে যে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিছত দলত বিসম্বাদৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

 

 

Related News