NORTHEAST NOW (Assamese)

মেঘালয়ৰ ৱিলিয়ামনগৰত এন চি পিৰ নতুন প্ৰাৰ্থী হ’ব বোমাত নিহত জনাথনৰ পত্নী ক্ৰেনিলা

February 23, 2018 7:36 pm · এন ই নাও নিউজ

গাৰো পাহাৰত যোৱা দেওবাৰে বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা মেঘালয় নিৰ্বাচনৰ ৱিলিয়ামনগৰ সমষ্টিৰ এন চি পি প্ৰাৰ্থী জনাথন চাংমাৰ পত্নীয়ে সমষ্টিটোত দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব।

মৃত চাংমাৰ পত্নী ক্ৰেনিলা আৰ মাৰাকে আজি এই ঘোষণা কৰিছে।

ৱিলিয়ামনগৰ বিধানসভাৰ নিৰ্বাচন চাংমাৰ হত্যাৰ পিছত স্থগিত ৰখা হৈছিল।

নেতাজনক হত্যাৰ দায়িত্ব এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে স্বীকাৰ কৰা নাই|

আনহাতে বুধবাৰে নিশা অসম আৰক্ষীয়ে তেজপুৰৰ পৰা লালমিথাং ছিনেট নামৰ এজন মাৰ পীপল কনভেনশ্যন (ডেম’ক্ৰেটিক)ৰ নেতাক গ্ৰেপ্তাৰ কৰি তেওঁক জনাথন চাংমাৰ হত্যাৰ লগত জড়িত থকা বুলি সন্দেহ কৰা বুলি জানিবলৈ দিছিল।

Related News