মেঘালয় বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় দিনা মূল্য বৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰিব বিৰোধীয়ে

মেঘালয় বিধানসভাৰ তিনিদিনীয়া অধিৱেশনৰ আজি দ্বিতীয় দিনটোত বিৰোধী পক্ষই মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰাৰ বাবে প্ৰস্তুত হৈছে।

পশ্চিম ছিলং বিধানসভা সমষ্টিৰ বিৰোধী দলৰ বিধায়ক পল লিংডোৱে সদনত এক প্ৰস্তাৱ উত্থাপন কৰি বিদ্যালয়ৰ শিক্ষক, অনিয়মিত কৰ্মচাৰী, দৈনিক হাজিৰা কৰি খোৱা লোকসকলৰ লগতে বিধৱাৰ দৰে সমাজৰ অৱহেলিত শ্ৰেণীৰ আৰ্থিক সকাহৰ বিষয়টো আলোচনাৰ বাবে দাঙি ধৰিব। ইয়াৰ লগতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক পঞ্চম মেঘালয় দৰমহা আয়োগৰ অনুমোদনাৱলীৰ আধাৰত দৰমহা বৃদ্ধিৰ বাবেও প্ৰস্তাৱ উত্থাপন কৰিব।

নংক্ৰেম সমষ্টিৰ আন এগৰাকী বিৰোধী বিধায়ক আৰদেন মিলাৰ বাছায়াউমইট আৰু আন একাংশ বিধায়কে এই আলোচনাত অংশ ল’ব।

অহা বছৰৰ প্ৰথম ভাগতে অনুষ্ঠিত হ’বলগীয়া বিধনসভাৰ নিৰ্বাচনৰ আগেয়ে বৰ্তমান চলি থকা এই তিনিদিনীয়া অধিৱেশনখনেই  হৈছে এইখন চৰকাৰৰ অন্তিমখন অধিৱেশন। চলিত অধিৱেশনখনিৰ অহা বৃহস্পতিবাৰে সামৰণি পৰিব।

বৃহস্পতিবাৰে ইতিমধ্যে চৰকাৰে সদনত উত্থাপন কৰা ৫ খন সংশোধনী বিধেয়ক গৃহিত হোৱাৰ সম্ভাৱনা আছে।