মেঘালয় বিধানসভাৰ পৰা সদস্যৰ পদত্যাগৰ জোৱাৰ অব্যাহত

meghalaya-2-678x381

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মেঘালয়ৰ মওহাটি সমষ্টিৰ নিৰ্দলীয় বিধায়ক জুলিয়াছ কিটবক ডৰফাঙে শুকুৰবাৰে মেঘালয় বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছে। তেওঁ বৰ্তমান কাৰাগাৰত কাৰাবাস খাটি আছে।

দক্ষিণ তুৰা সমষ্টিৰ আন এগৰাকী নিৰ্দলীয় বিধায়ক জন লেছলী কে ছাংমাইয়ো বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছে।

বিধানসভাৰ আয়ুক্ত সচিব এণ্ড্ৰিউ ছিমনছে কয় যেডৰফাং আৰু জনে তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰিছে আৰু সেইবোৰ বিধানসভাৰ অধ্যক্ষলৈ প্ৰয়োজনীয় ব্যৱস্থাৰ গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে।

ডৰফাঙে তেওঁৰ উকীলৰ জৰিয়তে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

নিষিদ্ধ ঘোষিত হাইনিউট্ৰেপ নেশ্যনেল লিবাৰেশ্যন কাউন্সিল (এইচ এন এল চি)ৰ প্ৰাক্তন অধ্যক্ষ ডৰফাঙে যোৱা বছৰৰ পৰাই এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত কাৰাগাৰত আছে।

ডৰফাঙক পিঅ’চিএছঅ’ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল।

আনহাতে,  জন লেছলীয়ে অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনত দক্ষিণ তুৰা সমষ্টিৰ পৰা এনচিপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

ডৰফাঙে পদত্যাগ কৰিছে যদিও জানিব পৰা মতে তেওঁ মওহাটিৰ পৰা যিকোনো ৰাজনৈতিক দলৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে অথবা এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।