মেঘালয় বিধানসভা: ৰাহুল গান্ধীৰ সিন্ধান্তক অপৈণত আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

Himanta-Biswa-Sarma-570x320.jpg

সদ্যঘোষিত মেঘালয় বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈও চৰকাৰ গঠনত ব্যৰ্থ হোৱা কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক সমালোচনাৰে থকা-সৰকা কৰিছে অসমৰ শিক্ষা-বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে সদ্যঘোষিত নিৰ্বাচনী ফলাফল অনুসৰি কংগ্ৰেছে ২১ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ দল হৈছিল মেঘালয়ত।

সেই অনুসৰিয়েই কংগ্ৰেছ হাইকমাণ্ডে জ্যেষ্ঠ নেতা কমল নাথ, আহমদ পেটেল আৰু মুকুল ৱাছনিক পাহাৰীয়া ৰাজ্যখনলৈ পেৰণ কৰিছিল এখন কংগ্ৰেছী চৰকাৰ গঠন কৰিবলৈ।

কিন্ত যোৱা দেওবাৰে এনপিপিৰ মুৰব্বী কনৰাড কে চাংমাই য়ুডিপি, পিডিপি আৰু বিজেপিৰ সহযোগত মেঘালয়ত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰি ৰাজ্যপালক সাক্ষাৎ কৰাত কংগ্ৰছৰ বাবে পাহাৰীয়া ৰাজ্যখনত চৰকাৰ গঠন কৰাটো একপ্ৰকাৰ বুমেৰাঙত পৰিণত হয়।

সেয়েহে ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি অসমৰ মন্ত্ৰী গৰাকীয়ে শ্বিলঙত সংবাদ মাধ্যমৰ আগত কয়: কোনো ৰাজনৈতিক অংক নকৰাকৈ কংগ্ৰেছ সভাপতি গৰাকীয়ে তিনিগৰাকীকৈ জ্যেষ্ঠ নেতাক ৰাজ্যখনলৈ পঠিওৱাটো এটা ভুল। এয়া ৰাহুল গান্ধীৰ এক অপৈণত সিদ্ধান্ত।

উল্লেখ্য যে অন্যান্য দলকেইটাৰ সহযোগত এনপিপিয়ে মেঘালয়ত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছে আৰু সকলো ঠিকে থাকিলে প্ৰয়াত পি এ চাংমাৰ পুত্ৰ কনৰাড কে চাংমা হ’ব ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।