মেজৰ লিটুল গগৈক ‘ফেচবুক ফ্ৰেইণ্ড’, আগতেও লগ পাইছিল বুলি স্বীকাৰ কাশ্মীৰৰ ছোৱালীজনীৰ

Leetul-gogoi-570x320

বুধবাৰে এখন হোটেলৰ পৰা মেজৰ নীতিন লিটুল গগৈৰ সৈতে আটক কৰা কাশ্মীৰি ছোৱালীজনীয়ে ন্যায়িক দণ্ডাধীশৰ আগত প্ৰকাশ কৰিছে যে তেওঁ গগৈৰ ‘ফেচবুক ফ্ৰেইণ্ড’ আৰু তেওঁ ‘নিজৰ ইচ্ছামতে’ই মেজৰ গগৈক দেখা কৰিবলৈ গৈছিল। অৱশ্যে ছোৱালীজনীৰ মাকে বিষয়টো বিতৰ্কৰ মাজলৈ লৈ আনিছিল। টাইমছ অৱ ইণ্ডিয়াৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

ইতিমধ্যে যোৱা বছৰ শিলাবৰ্ষণ কাৰীৰ বিৰুদ্ধে এগৰাকী কাশ্মীৰি লোকক নিজৰ জীপত ‘মানৱ ঢাল’ হিচাপে ব্যৱহাৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰা মেজৰ গগৈক বুধবাৰে হোটেলৰ কৰ্মচাৰীৰ সৈতে উদ্ভৱ হোৱা এক বাক্-বিতণ্ডাৰ পিছত আৰক্ষী থানাত সোধ-পোছ কৰা হৈছিল।

অৱশ্যে, ছোৱালীগৰাকীয়ে এগৰাকী স্থানীয় দণ্ডাধীশৰ আগত ‘চিআৰপিচি’ৰ ১৬৪ ধাৰাৰ অধীনত দিয়া ভাষ্যত প্ৰকাশ কৰিছে যে ছচিয়েল নেটৱৰ্কিং ছাইটত মেজৰ গগৈৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল। চৰকাৰী সূত্ৰসমূহে জানিব দিয়া মতে ছোৱালীগৰাকীয়ে দণ্ডাধীশৰ আগত কৈছে যে তেওঁ হোটেললৈ ‘নিজৰ ইচ্ছা মতেই গৈছিল’ কিয়নো তেওঁ ‘ইতিমধ্যে পৰিচিত’ সেনা বিষয়াগৰাকীৰ সৈতে কিছু সময় কটাব বিচাৰিছিল।

সূত্ৰসমূহে জানিব দিয়া মতে তেওঁ দণ্ডাধীশ গৰাকীক কৈছিল যে মেজৰ গগৈৰ সৈতে  ফুৰিবলৈ যোৱাৰ সময়ত তেওঁক আগতে কেইবাবাৰো লগ হৈছিল।

সূত্ৰসমূহে আৰু জনোৱা মতে বাডগাম জিলাৰ চেক-ই-কাওৱাছা গাঁৱৰ ছোৱালীজনীয়ে দণ্ডাধীশৰ আগত দেখুওৱা তেওঁৰ আধাৰ কাৰ্ডত তেওঁৰ জন্ম ১৯৯৯ চন বুলি উল্লেখ আছে। দশম শ্ৰেণীলৈকে পঢ়া-শুনা কৰা ছোৱালীজনীয়ে এটা আত্মসহায়ক গোটত কাম কৰে।

‘’তেওঁ প্ৰকৃততে এগৰাকী প্ৰাপ্ত বয়স্ক ছোৱালী হয়নে সেয়া এতিয়াও তদন্তৰ আওতাত আৰু ইয়াৰ বাবে আন উৎসসমূহ পৰীক্ষা কৰি চোৱা হ’ব বুলি সূত্ৰসমূহে জানিব দিয়ে।

ভালকৈ জেৰা কৰাৰ পিছত ছোৱালীগৰাকীয়ে দণ্ডাধীশৰ আগত দাবী কৰে যে তেওঁ গগৈৰ সৈতে ‘আদিল আদনান’ নামৰ এটা ফেচবুক একাউন্টৰ জৰিয়তে পৰিচয় ঘটে। কিন্তু এমাহৰ ভিতৰতে তেওঁ জানিব পাৰে যে আদিল আদনান মেজৰ গগৈৰ বাহিৰে আন কোনো নহয়। তেওঁ এটা ভুৱা একাউন্ট ব্যৱহাৰ কৰিছিল। তেওঁ দণ্ডাধীশক কয় যে মেজৰ গগৈয়ে নিজেই তেওঁৰ আগত  ‘তেওঁৰ প্ৰকৃত পৰিচয় পৰিচয় প্ৰকাশ কৰিছিল’ আৰু তাৰপিছৰে পৰা তেওঁলোক বন্ধু হৈ পৰিছিল।

যদিওৱা ছোৱালীজনীয়ে দাবী কৰিছে যে তেওঁ গগৈৰ সহযোগী বাডগামৰ লকিপাৰা পোসকাৰৰ সমীৰ আহমেদক মালাক চিনি পাইছিল, কিন্তু দণ্ডাধীশৰ জেৰাত তেওঁ সমীৰৰ পিতৃ-মাতৃৰ নাম ক’বলৈ সক্ষম নহ’ল।

আনহাতে, তেওঁৰ মাতৃ নাছিমা বেগমে দাবী কৰিছিল যে মেজৰ গগৈ আৰু সেনাৰ এগৰাকী জোৱান সমীৰে তেওঁলোকৰ ঘৰত চলিত বছৰৰ মাৰ্চৰ পৰা কেইবাবাৰো তালাচী চলাইছিল আৰু তেওঁৰ কন্যাৰ সৈতে কোনো কাৰণ নোহোৱাকৈয়ে বাৰ্তালাপ কৰিছিল।