‘মেটাৰ অৱ ৰাইট(ছ) ফিল্ম ফেষ্টিভেল’ৰ উদ্বেধনী চলচ্চিত্ৰ হ’ব জাহ্নু বৰুৱাৰ ‘অজেয়’

Poster_of_Jahnu_Baruas_Ajeyo-

সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ ‘অজেয়’ চলচ্চিত্ৰখন নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘মেটাৰ অৱ ৰাইট(ছ) ফিল্ম ফেষ্টিভেল’ৰ উদ্বোধনী চলচ্চিত্ৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। অহা ১৩ মাৰ্চৰ পৰা দুদিন ধৰি চলিবলগীয়া চলচ্চিত্ৰ মহোৎসৱখন আয়োজন কৰিছে ‘কমনৱেল্থ হিউমেন ৰাইটছ ইনিছিয়েটিভে’।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়চোৱাত অজন আদৰ্শবাদী ডেকা বিপ্পৱী অজেয়ই কেনেদৰে সেই সময়ৰ অসমৰ গাওঁ এলেকাক পৰ্চলিত সামাজিক ব্যাধিৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল পৰিচালক জাহ্নু বৰুৱাই সেয়া সুন্দৰভাৱে তুলি ধৰিছে।

উল্লেখযোগ্য যে এই চলচ্চিত্ৰখনক কাহিনী চলচ্চিত্ৰ শাখাত ৬১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল।

এই চলচ্চিত্ৰখনৰ উপৰিও চলচ্চিত্ৰ মহোৎসৱত আন্তঃজাতিক আৰু ৰাষ্ট্ৰীয় পৰিচালনাৰ মাজৰ পৰা বিশেষভাৱে বাচনি কৰা কাহিনী চিত্ৰ, তথ্যচিত্ৰ আৰু ছুটিছৱি প্ৰদৰ্শন কৰা হ’ব।

এই বছৰৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ পৰা অহা চলচ্চিত্ৰৰ ওপৰত বিশেষ মনোযোগ দিয়া হৈছে। এই চলচ্চিত্ৰসমূহৰ পৰা এলেকাটোৰ মানুহৰ জীৱন-ধাৰণ প্ৰণালী, ভৌগোলিক পৰিৱেশৰ লগতে শিশু নিৰ্যাতন, ডাইনীবিদ্যা, অন্ধবিশ্বাস আদি বিভিন্ন বিষয়ৰ ওপৰত এটা অন্তৰ্দৃষ্টি লাভ কৰিব পৰা যাব।

এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া আন আন চলচ্চিত্ৰসমূহৰ বিষয়বস্তু হৈছে আৰক্ষীৰ বৰ্বৰতা, বন্দীৰ অধিকাৰ, কাৰাগাৰত জন্মা শিশু, নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ।

এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া আন এখন চলচ্চিত্ৰ হৈছে কাৰাগাৰত জন্ম লাভ কৰা শিশুৰ জীৱনৰ ওপৰত নিৰ্মিত মালতী ৰাওৰ পৰিচালিত চলচ্চিত্ৰ ‘বিহাইণ্ড বাৰছ’। আন এখন চলচ্চিত্ৰ হৈছে বিহাৰৰ ভগলপুৰত আৰক্ষীয়ে বন্দীৰ চকুত এচিড ঢালি অন্ধ কৰাৰ কাহিনীৰ ওপৰত আধাৰিত অমিতাভ পৰাশৰৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ ‘দ্য আইজ অৱ ডাৰ্কনেছ’ প্ৰদৰ্শিত হ’ব।

দৃশ্য মাধ্যমে মানুহৰ মনত এটা স্থায়ী প্ৰভাৱ পেলায় বাবে ‘কমনৱেল্থ হিউমেন ৰাইটছ ইনিছিয়েটিভে’ (চিএইচআৰআই) পৃথিৱীৰ বিভিন্ন কোণত মানৱ অধিকাৰ লংঘনৰ ঘটনাৰ বিষয়ে জনসাধাৰণক অৱগত কৰা তথা তাৰ বিৰুদ্ধে গণমত গঠন কৰাৰ বাবে চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰাৰ উদ্যোগ হাতত লৈছে।

‘কমনৱেল্থ হিউমেন ৰাইটছ ইনিছিয়েটিভৰ আন্তঃজাতিক সঞ্চালক সঞ্জয় হাজৰিকাই আশা কৰে যে এই চলচ্চিত্ৰ মহোৎসৱ বাৰ্ষিকভাৱে অনুষ্ঠিত কৰিলে জনসাধাৰণক শিশু শ্ৰমিক, প্ৰব্ৰজন, জনগোষ্ঠীয় অধিকাৰ, মহিলা আৰু সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত কৰা হিংসাত্মক ঘটনাৰ বিষয়ে সতচেতন কৰিব পৰা যাব।উল্লেখ্য যে ভাৰতত . ‘কমনৱেল্থ হিউমেন ৰাইটছ ইনিছিয়েটিভৰ ২৫ বছৰ উপলক্ষে এই চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা হৈছে।