মেট্ৰিকত তিনিটাকৈ স্থান দখলেৰে মহানগৰীৰ মান বচালে সুদৰ্শন পাব্লিক স্কুলে

Sudarshan Public School

শুকুৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটীৰ জয়ানগৰস্থিত সুদৰ্শন পাব্লিক স্কুল ( Sudarshan Public School )এ তিনিটাকৈ স্থান দখল কৰিবলৈ সক্ষম হৈছে। মহানগৰীৰ দুখনকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে মেট্ৰিকত স্থান দখল কৰিছে যদিও পূৰ্বৰ তুলনাত কামৰূপ মহানগৰ জিলাৰ ফলাফল সিমান উন্নত নহয়।

বিদ্যালয়খনৰ পৰা আৰ্বি চলিহাই সৰ্বমুঠ ৫৯১ নম্বৰ লাভ কৰি অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে বিপাঞ্চ ডেকাই সৰ্বমুঠ ৫৮৬ নম্বৰ আৰু জেনিথ কাশ্যপে ৫৮৫ নম্বৰ লাভ কৰি ক্ৰমে অষ্টম আৰু নৱম স্থান দখল কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে।

আৰ্বিয়ে সাধাৰণ গণিতত ১০০, উচ্চ গণিত ৯৯, সাধাৰণ বিজ্ঞান ১০০, ইংৰাজী ৯৭, অসমীয়া ৯৬ আৰু সমাজ বিজ্ঞানত ৯৬ নম্বৰ দখল কৰিবলৈ সক্ষম হয়। তেওঁ শতকৰা ৯৮.৫ শতাংশ লাভ কৰে।

অষ্টম স্থান পোৱা বিপাঞ্চ ডেকাই সাধাৰণ গণিতত ১০০, ইংৰাজীত ৯৪, সাধাৰণ বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ৯৭, অসমীয়াত ৯৪ আৰু উচ্চ গণিতত ৯৯ নম্বৰ লাভ কৰে। তেওঁ শতকৰা ৯৭.৬৬ শতাংশ লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে জেনিথে সাধাৰণ গণিতত ১০০, অসমীয়াত ৯৪, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৭, ইংৰাজীত ৯৭ আৰু উচ্চ গণিতত ৯৯ নম্বৰেৰে শতকৰা ৯৭.৫০ শতাংশ পাবলৈ সক্ষম হৈছে।

বিদ্যালয়খনৰ অধ্যক্ষা চৈয়দা মুকিটে নৰ্থ ইষ্ট নাও-ক কয় ‘শিক্ষকসকলৰ কষ্ট সফল হ’ল। ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাই শিক্ষকসকলৰ বাবে আটাইতকৈ বেছি সুখৰ সময়।‘

আনহাতে অসমৰ ভিতৰত তৃতীয় স্থান দখল কৰি ভাল লগা বুলি উল্লেখ কৰি আৰ্বিয়ে নৰ্থ ইষ্ট নাও-ক কয় ‘মোৰ মা-দেউতা আজি বহুত সুখী আৰু পিতৃ-মাতৃক সুখী কৰাৰ সুযোগ খুব কমেই পোৱা যায়। কিন্তু আজি কিবা অলপ সুখ দিব পৰা বাবে মোৰ যথেষ্ট ভাল লাগিছে।‘

অনুজসকলক তেওঁ কয় যে বহুতে আৰম্ভণিতে চেষ্টা কৰে যদিও পিছলৈ সেই চেষ্টা অব্যাহত নাৰাখে। আৰম্ভণিৰে পৰা একেটা গতিতে পঢ়া-শুনা কৰি যাব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে।

আৰ্বিৰ বিজ্ঞান শাখাত নামভৰ্ত্তি কৰিব আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি তেওঁ আগ্ৰহী যদিও নামভৰ্ত্তিৰ সুবিধা নাপালে, আই এ এছ হ’বৰ বাবে চেষ্টা কৰিব।

আনহাতে কমলাকান্ত ডেকা আৰু জয়া ডেকাৰ সন্তান বিপাঞ্চ ডেকাই তেওঁৰ সফলতাৰ আৰঁত পিতৃ-মাতৃ আৰু শিক্ষাগুৰুক স্থান দিয়াৰ লগতে পৰীক্ষাৰ আগমূহুৰ্তত বন্ধৰ দিনকেইটা ১৪-১৫ ঘন্টা অধ্যয়ন কৰিছিল বুলি সাংবাদিকক জানিবলৈ দিয়ে। ডাক্তৰ হোৱাটোৱেই তেওঁৰ জীৱনৰ লক্ষ্য বুলি আমাৰ আগত উল্লেখ কৰে।

অচিন্ত্য ডেকা আৰু শিখামণি ডেকাৰ পুত্ৰ জেনিথে খুব কম নম্বৰৰ ব্যৱধানত স্থান নোপোৱাসকলক হতাশ নহ’বলৈ অনুৰোধ জনাই কয় ‘স্থান পোৱাটো ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে। আচলতে স্থান পোৱাটো ডাঙৰ কথা নহয়, নিজৰ কিমান প্ৰতিভা আছে সেইটোহে আচল কথা। মই নিজেও স্থান পাম বুলি আশা কৰা নাছিলো।‘

জেনিথে নিতৌ ১০-১২ ঘন্টাকৈ অধ্যয়ন কৰিছিল আৰু তেওঁ আজৰি সময়ত খেলা-ধূলা কৰি ভাল পায় বুলি আমাৰ সাংবাদিকক কয়।

বিদ্যালয়খনৰ পৰা ১২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। উক্ত বিদ্যালয়খনৰ পৰা ৫২ গৰাকী ডিষ্টিংচন মাৰ্ক লাভ কৰাৰ লগতে ৪০ গৰাকীয়ে ষ্টাৰ মাৰ্ক আৰু ২৬ গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ৮ গৰাকীয়ে পায় দ্বিতীয় বিভাগ।