লংকাস্থিত ওমপ্ৰকাশ প্ৰমিলা দেৱী স্মাৰক দাতব্য ন্যাসে (OMPRAKASH PRAMILA DEVI MEMORIAL CHARITABLE TRUST) ১০ গৰাকী অৰ্থনৈতিকভাৱে পিছ পৰা কিন্তু মেধাৱী শিক্ষাৰ্থীলৈ জলপানি আগবঢ়াব।
এটা সংবাদ-টোকা যোগে ন্যাসৰ অধ্যক্ষ আৰু মেনেজিং ট্ৰাষ্টী ৰোহিত আগৰৱালাই জনাইছে যে লংকা অঞ্চলৰ অন্তৰ্গত আৰু সদ্য-সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল দেখুওৱা শিক্ষাৰ্থীসকলৰ মাজত এই জলপানি সীমাবদ্ধ থাকিব।
সংবাদ-টোকাটোত আৰু কোৱা হৈছে যে নিৰ্বাচিত শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দুটা বৰ্ষৰ বাবে প্ৰতি বছৰত ১০,০০০ টকাকৈ কৈ মুঠ ২০,০০০ টকা প্ৰদান কৰা হ’ব। এই ধনখিনিয়ে ব্যক্তিগত অথবা চৰকাৰী খণ্ডৰ মহাবিদ্যালয় বা প্ৰতিষ্ঠানত অধ্যয়নৰ দুয়োটা বৰ্ষৰ সমস্ত ব্যয় (বিজ্ঞান আৰু কলা)সামৰি ল’ব। ইয়াতে ভৰ্তি আৰু অন্যন্য মাছুলসহ লাগতীয়াল কিতাপ-পত্ৰ আদিৰ ব্যয় সামৰি ল’ব বুলি সংবাদ-টোকাটোত কোৱা হৈছে।
সংবাদ-টোকাটোত কোৱা হৈছে যে এই ন্যাসটোৰ লক্ষ্য হৈছে জাতি, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে সমাজলৈ সেৱা আগবঢ়োৱা।
সংবাদ-টোকাটোত আৰু কোৱা হৈছে যে বিগত শিক্ষা-বৰ্ষত প্ৰদান কৰা ১৬গৰাকী শিক্ষাৰ্থীৰ জলপানি এইবাৰো পুনৰ্নবীকৰণ কৰা হ’ব।
বিশিষ্ট ব্যক্তিসকলেৰে গঠিত এখন বিশেষ নিৰ্বাচক কমিটীয়ে শিক্ষাৰ্থীসকলৰ আৱেদনপত্ৰসমূহ পৰীক্ষা কৰি প্ৰকৃত প্ৰয়োজন থকা সকলক এই জলপানিৰ বাবে নিৰ্বাচিত কৰি উলিয়াব।
শিক্ষাৰ্থীসকলে তেওঁলোকৰ আৱেদনপত্ৰসমূহ প্ৰয়োজনীয় নথি-পত্ৰসহ অধ্যক্ষ তথা মেনেজিং ট্ৰাষ্টী ওম প্ৰকাশ প্ৰমিলা দেবী স্মাৰক দাতব্য ন্যাস,লংকা, ষ্টেশ্যন ৰোড পোৱাকৈ পঠাব লাগিব। আৱেদনপত্ৰ পঠোৱাৰ অন্তিম তাৰিখ ৪ জুন, ২০১৮।
উল্লেখ্য যে ২০১৬ চনত প্ৰতিষ্ঠা হোৱাৰ দিন ধৰি ওম প্ৰকাশ প্ৰমিলা দেৱী স্মাৰক দাতব্য ন্যাসে আৰ্থিকভাৱে পিছপৰা, তীক্ষ্ণধী শিক্ষাৰ্থীসকললৈ জলপানি প্ৰদান কৰি আহিছে।