মেধাৱী ৰাধাৰ হত্যাকাণ্ডত স্তম্ভিত শিৱসাগৰবাসী : হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী গোট গঠন

Radha

ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰে’ছত শিৱসাগৰত উঠাৰ পিছতে শিমলুগুৰিত মৃতদেহ উদ্ধাৰ হোৱা ৰাধা কুমাৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰিছে বিশেষ তদন্তকাৰী গোট (SIT)। শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এই SIT গঠন কৰা হৈছে বুলি জানিব পৰা গৈছে। তদন্ত তদাৰকৰ দায়িত্ব দিয়া হৈছে অতিৰিক্তি আৰক্ষী সঞ্চালক প্ৰধান  আৰ পি মীনাক।

উল্লেখযোগ্য যে ১০ জুলাইত মাকে শিৱসাগৰ ষ্টেইশ্যনত ৭.৫৫ বজাত ৰে’লত তুলি যোৱাৰ মাত্ৰ কেইমিনিটমানৰ ভিতৰতে (মাত্ৰ ২০ মিনিটৰ ব্যৱধানত) পৰৱৰ্তী ষ্টেইশ্যনটোত ৰে’লৰ ৱাশ্বৰূমত ৰাধাৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল। চলন্ত ৰে’লত সংঘটিত এই হত্যাকাণ্ডই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ঘটনাটোৰ ক্ষিপ্ৰতৰ তদন্তৰ দাবী কৰিছে শিৱসাগৰৰ ৰাইজে।

আনহাতে আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱগোপাল ঝাঁ আৰু আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল মৃত ৰাধা কুমাৰীৰ বাসগৃহত উপস্থিত হৈছে। দুয়োজন বিষয়াই শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে উপযুক্ত আৰ্থিক সাহায্য দিয়াৰ আশ্বাস দিয়ে।

পৰিয়ালৰ সূত্ৰই জনোৱা মতে অসম কৃষি বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী ৰাধা মাত্ৰ দুদিন পূৰ্বে গ্ৰীষ্মৰ বন্ধ পাই ঘৰলৈ গৈছিল, আৰু ঘটনাৰ দিনা তাই শিৱসাগৰৰ ঘৰৰ পৰা গোলাঘাটৰ ফৰকাটিঙত থকা ককাকৰ ঘৰলৈ গৈছিল। পিতৃহীনা ৰাধাক মাকে পুৱা ৭.৫৫ বজাত শিৱসাগৰ ষ্টেইশ্যনত ৰে’লত তুলি গৈছিল।

কিন্তু তাৰ পিছতে পৰৱৰ্তী ষ্টেইশ্যনটোত ডিঙি গামোচাৰে বন্ধা অৱস্থাত ৰাধাৰ ৰক্তাক্ত শৰীৰ ৱাশ্বৰূমত উদ্ধাৰ হয়। ৰাধাৰ হাতত ১০ হাজাৰ টকাও আছিল আৰু মৃতদেহ উদ্ধাৰৰ সময়ত সেইখিনি অন্তৰ্ধান হোৱা বুলি জানিব পৰা গৈছে। ইমান কম সময়ৰ ভিতৰতে ৰাধাক হত্যা কৰালৈ চাই পূৰ্বৰ পৰা হত্যাকাৰীয়ে তাইক অনুসৰণ কৰা বুলি অনুমান কৰিছে আৰক্ষীয়ে। আনহাতে হত্যাকাৰীয়ে ৰাধাৰ হাতত থকা টকাখিনিৰ কথা গম পাই সেইখিনি হস্তগত কৰাৰ বাবেও সংঘটিত কৰিব পাৰে বুলিও সন্দেহ কৰিছে।