মে’ৰ শেষলৈ ঘোষিত হ’ব মেট্ৰিক, উচ্চতৰ মাঃ চূড়ান্ত পৰীক্ষাৰ ফলাফল

Assam-SEBA-HSLC-Class-10th-Results-2018

অসম মাধ্যমিক শিক্ষা ব’ৰ্ড ( SEBA ) পৰিচালিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ( HSLC ) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ পৰিচালিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ সম্ভাব্য দিন জানিব পৰা গৈছে।

ছেবাৰ সূত্ৰ অনুসৰি ২০১৮ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল অহা ২৫ মে’ৰ ভিতৰত ঘোষণা কৰা হ’ব। আনহাতে অহা ৩০ মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ ফলাফলসমূহ ঘোষণা কৰা হ’ব বুলি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে যোৱা ৪ মে’ত সংবাদ মাধ্যমক জানিবলৈ দিছিল।

পূৰ্বৰ দৰে মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰ ফলাফল বিদ্যালয়ত পোৱাৰ উপৰি sebaonline.org ৱে’বছাইটৰ যোগেদি অনলাইনযোগে পৰীক্ষাৰ ফলাফল পাব পাৰিব। তাৰোপৰি ম’বাইলযোগে ফলাফল লোৱাৰ বাবে পূৰ্বৰ দৰেই ফলাফলৰ পূৰ্বে নম্বৰ ঘোষণা কৰা হ’ব।