‘মৈত্ৰী’ আঁচনিৰ অধীনত ডিব্ৰুগড় সদৰ থানাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

Dibrugarh

‘মিছন ফৰ অভাৰঅল ইমপ্ৰুভমেণ্ট অৱ থানা ফৰ ৰেচপনচিভ ইমেজ’ চমুকৈ ‘মৈত্ৰী’ আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ত ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্যত আইন-শৃংখলা ব্যৱস্থা অটুট ৰখাৰ বাবে আৰক্ষীৰ লগতে ৰাইজো সমান্তৰালভাৱে সজাগ আৰু সচেতন হ’ব লাগিব।

মুখ্য মন্ত্ৰী সোণোৱালে ‘মৈত্ৰী’ আঁচনিৰ অধীনত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে সকলো আৰক্ষী থানাক সংযোগকৰণ, চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে অত্যাধুনিক সা-সঁজুলি আৰু ডিজিটেল সংযোগ ব্যৱস্থাৰে থানাসমূহক অত্যাধুনিক ৰূপত গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে। লগতে এই ব্যৱস্থা সমূহ কাৰ্যক্ষম হৈ উঠাৰ পিছত যিকোনো ব্যক্তিয়ে এই ব্যৱস্থাৰ জৰিয়তে বিপদৰ সময়ত আৰক্ষীৰ তাৎক্ষণিক সহায় লাভ কৰিবলৈ সক্ষম হ’ব বুলিও সৰ্বানন্দই কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত ডিব্ৰুগড় চহৰৰ প্ৰত্যেকটো পৰিয়ালক পৰিষ্কাৰকৈ থকাৰ প্ৰৱণতা বৃদ্ধি কৰি নিজ চৌহদত তিনিজোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়।

আনহাতে অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুকেশ সাহাই কয় যে ‘‘স্মাৰ্ট পুলিচৰ ধাৰণা বাস্তৱায়িত কৰি অসম আৰক্ষী বাহিনীক অধিক দায়িত্বশীল, শক্তিশালী আৰু বিশ্বাসযোগ্য বাহিনী হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। ইয়াৰ অংশস্বৰূপে অসম আৰক্ষীয়ে হাতত লোৱা ‘মৈত্ৰী’ আঁচনিৰ অধীনত প্ৰতিখন আৰক্ষী থানাত ২৪ ঘণ্টাই পানীৰ ব্যৱস্থা, বিশেষভাৱে ব্যক্তিৰ বাবে প্ৰয়োজনীয় সুবিধা, ড্ৰাগছ আসক্ত আৰু শিশু অপৰাধীসকলৰ কাউন্সেলিঙৰ ব্যৱস্থা, ইণ্টাৰনেটৰ ব্যৱস্থা, ৰাইজৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা, অপৰাধীক ধৰা পেলোৱাৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱস্থা থাকিব। এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ৭৩ খন আৰক্ষী থানাক সামৰি লোৱা হ’ব।’

মৈত্ৰী নামৰ আঁচনিখম ৰূপায়ণৰ দায়িত্বত থকা অসম আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক আৰ এম সিঙে এই আঁচনিৰ অধীনত প্ৰতিখন আৰক্ষী থানাৰ নিৰ্মাণ কাৰ্যত প্ৰায় ২ কোটিকৈ টকা ব্যয় কৰা হ’ব বুলি কয়।

আজিৰ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া, সাংসদ ক্ৰমে ৰামেশ্বৰ তেলী, প্ৰদান বৰুৱা, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব এল এছ চাংচন, উপায়ুক্ত লয়া মাদুৰী সোণাৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী, আসমা হাইড্ৰ’কাৰ্বন এণ্ড এনাৰ্জী লিমিটেডৰ অধ্যক্ষ পোনাকণ বৰুৱা, আৰক্ষী অধীক্ষক গৌতম বৰাও উপস্থিত থাকে।