• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৈত্ৰী আঁচনিৰ জৰিয়তে আধুনিকীকৰণ কৰা হ’ব ৰাজ্যৰ ৩৫৫ খন থানা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2018 9:22 am
himanta biswa sarma

ফাইল ফটো

333
VIEWS
Share on FacebookShare on Twitter

‘অসম আৰক্ষীৰ দায়িত্বশীলতা আৰু কৰ্তব্যনিষ্ঠাৰ বাবেই সম্প্ৰতি ৰাজ্যখনত শান্তি বিৰাজ কৰিছে। কোনো ব্যক্তিয়ে থানাত প্ৰৱেশ কৰিলে নিৰাপত্তা অনুভৱ কৰিব পৰা পৰিৱেশ সৃষ্টি কৰা হ’ব।‘ মঙলবাৰে ৰাজ্য চৰকাৰৰ বিত্ত-শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে।

উল্লেখ্য যে মঙলবাৰে গুৱাহাটীৰ জালুকবাৰীস্থিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ সন্মুখত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দান কৰা ভূমিত জালুকবাৰী আৰক্ষী থানাৰ বহুমহলীয়া নতুন ভৱন এটিৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী শৰ্মাই এইদৰে কয়।

তেওঁ পুনৰ কয় যে চৰকাৰ গঠন হোৱাৰ পাছতেই বিগত বাজেট অধিৱেশনত ‘দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানাসমূহৰ সৰ্বাংগীন উন্নয়ন অভিযান’ চমুকৈ মৈত্ৰী শীৰ্ষক অভিলাষী আঁচনিখন ৰূপায়ন কৰিব বুলি ঘোষণা কৰা হৈছিল।

সন্ত্ৰাসবাদ প্ৰতিহত কৰা, চাইবাৰ ক্ৰাইমকে ধৰি সাম্প্ৰতিক সময়ত যিবোৰ অপৰাধে ৰাজ্যত গা কৰি উঠিছে তাৰ সৈতে মুখামুখি হ’ব পৰাকৈয়ে মৈত্ৰী আঁচনিখন প্ৰস্তুত কৰি সঠিক ৰূপায়ণৰ কাম আৰম্ভ কৰা হৈছে।

ইফালে অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰীৰো কৰ্তব্যৰ সময়সীমা অইন বিভাগৰ কৰ্মচাৰীৰ দৰে আঠ ঘণ্টা কৰাৰ চিন্তা চৰ্চা কৰি থকা বুলিও উল্লেখ কৰে। বিশ্ববন্দিত মহান শিল্পী ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ সন্মুখত স্থাপন হ’বলগীয়া এখন সৰ্বাংগসুন্দৰ আৰক্ষী থানাই বৃহত্তৰ অঞ্চলবাসীৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰি তোলাৰ লগতে পৰিৱশো সলনি কৰি দিব।

আধাৰশিলা স্থাপন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সহাই ভাষণ প্ৰসংগত কয় যে সমগ্ৰ দেশখনৰ কোনো এখন ৰাজ্য চৰকাৰে আৰক্ষী বিভাগটোৰ উন্নীতকৰণৰ ক্ষেত্ৰত এনেধৰণৰ বৃহৎ আঁচনি হাতত লোৱা নাই। অসমৰ ৰাজ্য চৰকাৰৰ দায়িত্বশীল মনোভাৱৰ বাবেই ৰাজ্যৰ ৩৫৫খন থানাক ‘মৈত্ৰী’ আঁচনিৰ অধীনত উন্নীত কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে।

প্ৰথম পৰ্যায়ত ইয়াৰে ৭৩খন থানাক অত্যাধুনিকভাৱে সজাই- পৰাই তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে ইতিমধ্যে ১৮৯ কোটি টকা মুকলি কৰি দিছে। থানাসমূহক ‘গ্ৰীণ ফিল্ড আৰু ব্ৰাউন ফিল্ড’ ভাগত ভাগ কৰা হ’ব। গ্ৰীণ ফিল্ড আঁচনিত থানাসমূহ নতুনকৈ নিৰ্মাণ কৰা হ’ব আৰু ব্ৰাউন ফিল্ড আঁচনিত থানাসমূহ মেৰামতি কৰা হ’ব।

নতুনকৈ নিৰ্মাণ কৰা থানাসমূহত সভাকক্ষ, বিশেষভাৱে সক্ষম লোকৰ বাবে আৰু মহিলা-যুৱতীৰ বাবে বিশেষ কোঠা, ড্ৰাগছ আসক্ত আৰু শিশু অপৰাধীৰ বাবে বিশেষ কোঠাৰ উপৰি বিভিন্ন সা-সুবিধা উপলব্ধ হ’ব। তাৰোপৰি আৰক্ষী বিষয়া-কৰ্মচাৰীৰ মানসিকতা সলনিৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

মঙলবাৰে অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব এল এছ চাংচন, অসম আৰক্ষী গৃহ নিৰ্মাণ বিভাগৰ অধ্যক্ষ আৰ এন সিঙকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd