NORTHEAST NOW (Assamese)

মোহন বাগান আৰু চিলং লাজং এফ চিৰ খেল ১-১ৰে দ্ৰ

December 15, 2017 12:16 pm · এন ই নাও নিউজ

কলকাতাৰ অপ্ৰতিৰোধ্য মোহন বাগান আৰু উত্তৰ-পূব ফুটবলৰ চিনাকী নাম তথা শক্তিশালী চিলং লাজং এফ চিৰ মাজত হোৱা চতুৰ্থ ৰাউণ্ডৰ আই-লীগৰ খেলখন দ্ৰৰে সমাপ্তি ঘটে। কালি কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই উত্তেজনাপূৰ্ণ খেলখনত দুয়োটা দলে পেনাল্টিৰ জৰিয়তে গল দিবলৈ সক্ষম হয়। আৰম্ভণিতে আক্ৰমক খেলৰ জৰিয়তে পেনাল্টি লাভ কৰি ঘৰুৱা দলক ডিকাই ১২ মিণিটতে গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰদান কৰিছিল। খেলৰ ৭২ মিণিটত লাজঙৰ হৈ ছেমুৱেলাই গল কৰি খেলখনত সমতা স্থাপন কৰে।

লক্ষ্যণীয় যে প্ৰথমাৰ্ধত লাজং এফ চিয়ে বেছিভাগ সময়ে বল নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হৈছিল যদিও বাৰে বাৰে গল কৰাত ব্যৰ্থ হৈছিল আৰু তেনেকৈয়ে খেলৰ প্ৰথম ৪৫ মিণিটৰ অন্ত পৰিছিল। দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত লাজঙে অধিক আক্ৰমণাত্মক হৈ পৰে আৰু ৭২ মিণিটত পেনাল্টীৰ জৰিয়তে সমতা স্থাপন কৰিবলৈ সক্ষম হয়। খেলখনৰ শেষৰ ফালে বাগানৰ খেলুৱৈ কিংছলিয়ে লাজঙৰ খেলুৱৈ ছেমুৱেলৰ ওপৰত কৰা ফাউলৰ বাবে ৰেফাৰীয়ে ৰঙা কাৰ্ড দিয়ে। ফলত খেলখনৰ বাকী সময়খিনি মোহন বাগানে ১০ জন খেলুৱৈৰে খেলে। ১০জনৰ বিপৰীতে ১১জন খেলুৱৈ থকা লাজঙে ইয়াৰ সদ-ব্যবহাৰ কৰাত ব্যৰ্থ হয়। আৰু অৱশেষত খেলখন ১-১ গলেৰে পৰিসমাপ্তি ঘটে। দ্ৰৰে সমাপ্ত হোৱা খেলখনৰ পিছত ১ পইন্ট লাভ কৰি মোহন বাগানে পৰৱৰ্তি ১৮ ডিচেম্বৰত হ’বলগীয়া খেলত নৰ্থ-ইষ্ট দাৰ্বিত আইজলৰ বিপক্ষে যুজত নামিব।

Related News