মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ আকস্মিক মৃত্যুত ম্ৰিয়মাণ উত্তৰ পূৰ্বাঞ্চলবাসী

sri

অভিনয়-নৃত্যৰ অপূৰ্ব দক্ষতাৰে বিগত প্ৰায় কেইবাটাও দশকজুৰি ভাৰতীয় চিনেপ্ৰেমীক মোহাৱিষ্ট কৰি ৰখা বলিউডৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ অকাল মৃত্যুৱে শোকাভিভূত কৰি তুলিছে সমগ্ৰ দেশবাসীক।

জীৱনৰ মাত্ৰ ৫৪টা বসন্ত গৰকা এইগৰাকী চিৰসেউজ অভিনেত্ৰীৰ মৃত্যুত শোক বাৰ্তাৰে ভৰি পৰিছে ছ’চিয়েল নেটৱৰ্কিং ছাইটসমূহ।

উত্তৰ পূৰ্বাঞ্চলবাসীয়েও বলিউডৰ এইগৰাকী অভিনেত্ৰীৰ মৃত্যুত প্ৰকাশ কৰিছে গভীৰ শোক আৰু সমবেদনা।

এক শোকবাৰ্তাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়: অকালতে মৃত্যুক সাবটি লোৱা বলিউডৰ অভিনেত্ৰী শ্ৰীদেৱীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁৰ পৰিয়াল আৰু অজস্ৰ অনুৰাগীলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলো।ভাৰতীয় চিনে উদ্যোগলৈ তেওঁ আগবঢ়োৱা বৰঙণি সদায় স্মৰণীয় হৈ থাকিব।

আনহাতে অসমৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে কয়: কেইবাটাও দশকজুৰি ভাৰতীয় চিনেমাজগতত দপদপাই থকা অভিনেত্ৰী শ্ৰীদেৱীৰ অকাল বিয়োগত গভীৰ দুখ অনুভৱ কৰিছো।তেওঁৰ পৰিয়াল আৰু অজস্ৰ অনুৰাগীলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলো।

‘ইংলিছ ভিংলিছ’ৰ জৰিয়তে বলিউডলৈ প্ৰৰ্ত্যাৱৰ্তন কৰা অভিনেত্ৰী শ্ৰীদেৱীৰ সৈতে একেলগে কাম কৰা অভিনেতা অসম সন্তান আদিল হুছেইনেও এইগৰাকী অভিনেত্ৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰে হোৱা এটি কথোপকথনত অভিনেতাগৰাকীয়ে অশ্ৰুসিক্ত নয়নেৰে কয়: শ্ৰীদেৱীৰ মৃত্যু হৈছে। মই এতিয়াও এয়া বিশ্বাস কৰিব পৰা নাই। মোৰ কোনো ভাষা নাই।

আনাহাতে আন এগৰাকী বলিউডৰ অভিনেত্ৰী তথা অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাই কয়:  দুখ প্ৰকাশ কৰিবলৈ মই কোনো ভাষা বিচাৰি পোৱা নাই। শ্ৰীদেৱীক ভাল পোৱা সকলোলৈ মোৰ সমবেদনা যাচিলো।

তদুপৰি আন এগৰাকী অসমৰ ছুপাৰ মডেল তথা অভিনেত্ৰী দ্বীপান্বিতা শৰ্মা, সংগীতজ্ঞ তথা ছিকিম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ এ আৰ ৰেহমান, অৰুণাচল প্ৰদেশ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ জন আব্ৰাহমকে আদি কৰি অসংখ্যজনে প্ৰিয় অভিনেত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

উল্লেখ্য যে বলিউডৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বনি কাপুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা শ্ৰীদেৱীয়ে দুই কন্যাৰ সৈতে ভতিজা মোহিত মাৰৱাহৰ বিয়াত অংশগ্ৰহণৰ বাবে ডুবাইলৈ গৈছিল।তাতে শনিবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটে বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে।