মোৰাঝাৰত মহিলাক ৰছীৰে বান্ধি চোঁচৰাই প্ৰহাৰ কৰা কাণ্ডৰ ৪ জনক আটক

প্ৰতিনিধিত্বমূলক ছবি

হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত সূতাপুৰ গাঁৱত এগৰাকী মহিলাক গৰু বন্ধা ৰছীৰে বান্ধি একাংশ পুৰুষ-মহিলাই নিৰ্মমভাৱে প্ৰাহৰ কৰা ঘটনাৰ আৰক্ষীয়ে অভিযান চলাই ৪ জন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন অভিযুক্ত কেইজনক ক্ৰমে আচাৰ উদ্দিন, মনচুৰ আখতাৰ, কমৰুল আলম আৰু তৈয়বুৰ ৰহমান বুলি চিনাক্ত কৰিছে।

জানিব পৰা মতে আটকাধীন লোক কেইজন মহিলাগৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰা কাৰ্যত জড়িত আছিল।

উল্লেখযোগ্য যে হোজাই জিলাৰ মোৰাঝাৰ থানা এলেকাৰ সূতাৰপুৰ গাঁৱত এগৰাকী মহিলাক প্ৰহাৰ কৰা এটা ভিডিঅ’ পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। ভিডিঅ’টোত দেখা অনুসৰি এগৰাকী মহিলাক খুঁটাত হাত-ভৰি বান্ধি নিৰ্যাতন চলাইছে একাংশ লোকে।

জানিব পৰা মতে গাঁওখনৰে চৈয়দ আলাউদ্দিনৰ পুত্ৰ চৈয়দ মেহবুব আলম নামৰ এজন যুৱকৰ সৈতে প্ৰেমত পৰিছিল মহিলাগৰাকী। আননকি পূৰ্বতে এবাৰ বিয়া হোৱা বুলি জনাৰ পিছতো যুৱকজনে বিয়াৰ প্ৰতিশ্ৰুতি দিছিল মহিলাগৰাকীক।

কিন্তু যুৱকজনে নিজৰ প্ৰেয়সীক প্ৰতাৰণা কৰি শুকুৰবাৰে বিবাহ পাশত আবদ্ধ হয় আন এগৰাকী যুৱতীৰ সৈতে। ফলত এই খবৰ মহিলাগৰাকীয়ে লাভ কৰাত নিজৰ প্ৰেমিকৰ ঘৰত উপস্থিত হৈ বিবাহ কাৰ্যত বাধা প্ৰদান কৰে।

আৰু এই বাধা প্ৰদান কৰিবলৈ যাওঁতেই মহিলা গৰাকীয়ে কৰা অভিযোগ অনুসৰি স্থানীয় আব্দুৰ ৰৌফ আৰু আতিকুৰ ৰহমানৰ নেতৃত্বত একাংশ লোকে মহিলাগৰাকীক ৰছীৰে বান্ধি চোঁচৰাই নিৰ্মমভাৱে প্ৰহাৰ কৰে।