NORTHEAST NOW (Assamese)

মৌছিনৰাম সমষ্টিটো বিকশিত কৰাৰ বাবে মেঘালয় চৰকাৰক আহ্বান সমাজকৰ্মীৰ

April 14, 2018 10:22 am · এন ই নাও নিউজ

মৌছিনৰাম উন্নয়ন খণ্ড তথা বিধানসভা সমষ্টিৰ এগৰাকী সমাজকৰ্মী বানছাই মাৰবানিয়াঙে শুকুৰবাৰে সমষ্ঠিটোৰ বিভিন্ন সমস্যাৱলী আলোচনা কৰি ইয়াৰ আন্তঃগাঁথনি উন্নত কৰি অঞ্চলটোক বিকাশৰ দিশলৈ লৈ যোৱাৰ বাবে এখন সংবাদ বিজ্ঞপ্তিযোগে মেঘালয় চৰকাৰক আহ্বান জনাইছে।

সংবাদ বিজ্ঞপ্তিটোত তেওঁ কৈছে যে মৌছিনৰাম উন্নয়ন খণ্ডৰ ভিতৰুৱা এলেকাসমূহত সঠিক নিয়োগৰ সুবিধা নাই আৰু গ্ৰাম্য এলেকাসমূহত শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়ি আহিছে।

তেওঁ আৰু অভিযোগ কৰিছে যে উন্নয়ন খণ্ড কাৰ্যালয়ৰ কৰ্মচাৰীসকলে যখাসময়ত কাৰ্যালয়ত উপস্থিত নাথাকে আৰু সপ্তাহত মাত্ৰ এবাৰ কাৰ্যালয়লৈ আহে।

মৌছিনৰাম উন্নয়ন খণ্ডক অসামৰিক মহকুমালৈ উন্নীত কৰাৰ ওপৰত জোৰ দি মাৰবানিয়াঙে কৈছে যে ১৬৬ খন গাওঁ থকা মেঘালয় মৌছিনৰামৰ বাসিন্দাই প্ৰয়োজনত চৰকাৰী হস্তক্ষেপ লাভ কৰিবলৈ সক্ষম হ‘ব।

পথ যোগাযোগৰ ক্ষেত্ৰত তেওঁ কয় যে মৌফ্‌লাং-বালাট পথটো অতিশীঘ্ৰেই দ্বি-পথযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰিব লাগে আৰু মৌছিনৰাম-ৰাইংকু সীমান্ত পথটোও উন্নত কৰিব লাগে মানু আৰু বয়বস্ত অনা-নিয়াৰ সুবিধা কৰিব লাগে।

নিবনুৱা সমস্যাটোৰ সৈতে মোকাবিলা কৰাৰ বাবে তেওঁ বিশ্বৰ সৰ্বাধিক বৰষুণ দিয়া ঠাই হিচাপে বিখ্যাত আৰু লাইতছহুমত থকা বিশ্বৰ দীৰ্ঘতম বালিশিলৰ গুহাটো অৱস্থিত মৌছিনৰামক এটা পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰক পৰামৰ্শ আগবঢ়ায়।

Related News