অসমৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে অনা বৃহৎ মূল্যৰ সোণ শুকুৰবাৰে গুৱাহাটী ৰে’ল আৰক্ষীয়ে জব্দ কৰে। প্ৰায় দুই কেজি ওজনৰ সোণখিনিৰ লগতে ৰে’ল আৰক্ষীয়ে দুজন লোককো গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে বৃহস্পতিবাৰেও গুৱাহাটী ৰে’ল ষ্টেশ্যনৰ পৰা ৰে’ল আৰক্ষীয়ে সোণৰ বিস্কুট জব্দ কৰিছিল। আৰক্ষীয়ে সদৰী কৰা মতে, শুকুৰবাৰে পুৱা কামৰূপ এক্সপ্ৰেছেৰে বহিঃৰাজ্যৰ দুজন লোকে কঢ়িয়াই অনা সোণখিনি এক গোপন সূত্ৰৰ পম খেদি ৰে’ল আৰক্ষীয়ে জব্দ কৰে।
সোণখিনি কঢিয়াই অনা হাৰিয়ানাৰ ভগত সিং(৩৪) আৰু পঞ্জাৱৰ শ্বাহিল (২০)ক ৰে’ল আৰক্ষীয়ে আটক কৰি সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজনে সোণৰ বিস্কুটখিনি ডিমাপুৰৰ পৰা হাওৰালৈ নিয়াৰ চেষ্টা কৰিছিল বুলি জেৰাত স্বীকাৰ কৰে।
আৰক্ষীয়ে জনোৱা মতে, লোক দুজনে সোণখিনি ক’লা কাপোৰেৰে মেৰিয়াই নিজ নিজ বেগত ভৰাই আনিছিল। দুয়োজন লোকৰ বেগৰ পৰা আৰক্ষীয়ে ছখনকৈ সোণৰ বিস্কুট উদ্ধাৰ কৰে । জব্দ কৰা সোণৰ বিস্কুটৰ ওজন ১৯৯২.৩৩০ গ্ৰাম বুলি আৰক্ষীয়ে সদৰী কৰিছে। এই সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৬৪ লাখ টকা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।
সোণ সৰবৰাহকাৰীদ্বয়ক ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত শুল্ক বিভাগলৈ হস্তান্তৰ কৰে। ইয়াৰ পাছত শুল্ক বিভাগে শুল্ক আইনৰ ১১০ ধাৰাত অধীনত এটা গোচৰ ৰুজু কৰিছে।
অসমৰ মাজেৰে বহিঃৰাজ্যলৈ ব্যাপক হাৰত হৈ থকা সোণৰ সৰবাৰহত ডিমাপুৰ আৰু ইম্ফলৰ বৃহৎ দুষ্ট চক্ৰ জড়িত হৈ বুলি শুল্ক বিভাগৰ জ্যেষ্ঠ বিষয়া এগৰাকীয়ে জানিবলৈ দিছে। তেওঁ কয় যে সোণৰ সৰবৰাহত জড়িত মূল চক্ৰটোক উৎখাত কৰিবলৈ শুল্ক বিভাগে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ সফল হ’ব পৰা।
আনহাতে, বৃহস্পতিবাৰেও গুৱাহাটী ৰে’ল ষ্টেশ্যনৰ পৰা সোণ সৰবৰাহৰ সৈতে জড়িত পঞ্জাৱৰ দুজন লোকক আটক কৰা হৈছিল। আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা ৩৩১.৯১০ গ্ৰাম ওজনৰ চাৰিখন সোণৰ বিস্কুট জব্দ কৰে।
অসমৰ মাজেদি প্ৰতিদিনে লাখ লাখ টকাৰ চোৰাং সোণ বহিঃৰাজ্যলৈ সৰবৰাহ হৈ থকাৰ বাতৰি প্ৰায়েই পোৱা যায়। বিগত কেইমাহত গুৱাহাটী ৰে’ল ষ্টেশ্যনৰ পৰা বহু লক্ষ টকাৰ সোণ ৰে’ল আৰক্ষীৰ সহযোগত ৰাজহ চোৰাংচোৱা বিভাগে জব্দ কৰিবলৈ সক্ষম হৈছে।