ম্যানমাৰত ৰহিঙীয়াৰ মানৱাধিকাৰ উল্লংঘনত ৰাষ্ট্ৰসংঘৰ উদ্বিগ্নতা প্ৰকাশ

Rohingya-refugee-678x381

ৰাৰ্ষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংসদে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে যে আজি পৰ্যন্ত ম্যানমাৰৰ পৰা ৰহিঙীয়া শৰণাৰ্থীৰ দলে-বলে প্ৰৱেশ হৈ থকাৰ পৰা এই কথা প্ৰতীয়মান হয় যে ম্যানমাৰত এতিয়াও মানৱাধিকাৰ উল্লংঘন হোৱা ঘটনাৰ অৱসান ঘটা নাই।

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংসদে আৰু কৈছে যে ২০১৭ৰ আগষ্ট মাহত ম্যানমাৰৰ পৰা ৰহিঙীয়া মুছলমানৰ গণ প্ৰৱ্ৰজন আৰম্ভ হোৱাৰে পৰা আজিলৈকে প্ৰায় ৭,২২,০০০ ৰহিঙীয়াই ম্যানমাৰ ত্যাগ কৰি বাংলাদেশত প্ৰৱেশ কৰিছেহি। মানৱাধিকাৰ সংসদে প্ৰকাশ কৰা অনুসৰি, ম্যানমাৰৰ ভয়াবহ পৰিৱেশৰ বাবেই ৰহিঙীয়াসকলে ম্যানমাৰ ত্যাগ কৰিবলৈ বাধ্য হৈছে।

আজি পৰ্যন্ত নতুনকৈ শৰণাৰ্থী প্ৰৱেশৰ ঘটনাটোৱে এই কথা প্ৰতিপন্ন কৰে যে ম্যানমাৰত মানৱাধিকাৰ ভংগৰ ঘটনা আজিও সংঘটিত হৈ আছে। ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংসদৰ ২০১৭ চনত স্থপন কৰা ম্যানমাৰত তথ্য অন্বেষণ অভিযানৰ (fact finding mission on Myanmar) বিবৃতিত এই কথা সদৰি কৰিছে মানৱাধিকাৰ সংসদে।

ৰাষ্ট্ৰসংঘৰ মতে চলিত বছৰৰ জানুৱাৰিৰ পৰা ১১,৫২৩গৰাকী ৰহিঙীয়াই বাংলাদেশত প্ৰৱেশ কৰিছে।

শৰণাৰ্থীৰ হকে ৰাষ্ট্ৰসংঘৰ উচ্চায়োগৰ (UNHCR) বিশেষজ্ঞ এদলে বাংলাদেশৰ কক্স বাজাৰ জিলাৰ কুতুপালং শৰণাৰ্থী শিবিৰত কেইগৰাকীমান শৰণাৰ্থীৰ সৈতে মত বিনিময় কৰে।

তেওঁলোকে কৈছে যে জীৱনৰ প্ৰতি অহা ভাবুকি, জীবিকাৰ উপায় কাঢ়ি নিয়া আদিকে ধৰি ভয়ানক পৰিস্থিতিৰ বাবে তেওঁলোকে ম্যানমাৰ ত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছিল বুলি শৰণাৰ্থীৰ হকে ৰাষ্ট্ৰসংঘৰ উচ্চায়োগৰ বিশেষজ্ঞৰ দলে এটা বিবৃতিত প্ৰকাশ কৰিছে।

উল্লেখ্য যে আন্তৰ্জাতিক হেঁচাৰ বাবে ম্যানমাৰ আৰু বাংলাদেশে যোৱা বছৰৰ নৱেম্বৰ মাহৰ ২৩ তাৰিখে ৰহিঙীয়া শৰণাৰ্থী প্ৰত্যাৰ্পণৰ চুক্তিত স্বাক্ষৰ কৰিছিল।

কিন্তু আজি ৭ মাহ উকলি যোৱাৰ পাছতো ৰহিঙীয়া শৰণাৰ্থী প্ৰত্যাৰ্পণৰ কাম আৰম্ভ হোৱা নাই। উল্লেখ্য যে যোৱা মাহত ৰাষ্ট্ৰসংঘই ম্যানমাৰৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰি ৰহিঙীয়াসকলৰ অধিকাৰক দেশখনত স্বীকৃতি দিয়াৰ পথ মুকলি কৰাৰ প্ৰয়াস কৰিছিল।