ম্যানমাৰ সেনাৰ গাড়ীত আক্ৰমণ ৰহিঙীয়া উগ্ৰপন্থীৰ

ম্যানমাৰ ৰহিঙীয়া

ম্যানমাৰৰ ৰাষ্ট্ৰীয় আৰু চৰকাৰী সংবাদমাধ্যমে জনোৱা অনুসৰি ৰাখিনে প্ৰদেশত ৰহিঙীয়া উগ্ৰপন্থীয়ে ম্যানমাৰ সেনাৰ গাড়ীত চলোৱা অতৰ্কিত আক্ৰমণত ম্যানমাৰ সেনাৰ ৫ জন জোৱান আঘাতপ্ৰাপ্ত হয়। উগ্ৰপন্থী সকলেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

উল্লেখযোগ্য যে যোৱা ২৫ আগষ্টত উগ্ৰপন্থী সকলে নিৰাপত্তাৰক্ষীৰ চকীত আক্ৰমণ কৰাৰ পিছত মুচলিমপ্ৰধান এই ৰাজ্যখনত চলা উগ্ৰপন্থী বিৰোধী অভিযানে ব্যাপক হিংসা আৰু ৰহিঙীয়া সকলৰ উচ্ছেদ, বাসগৃহ জ্বলাই দিয়া আদি ঘটনাৰ সৃষ্টি কৰে আৰু প্ৰায় ৬৫০,০০০  গৰাকী ৰহিঙীয়া গঞা চুবুৰীয়া বাংলাদেশলৈ পলাই যাবলৈ বাধ্য হয়।

মিজিমা নিউজৰ খবৰ অনুসৰি ৰথেদং চহৰৰ সাধাৰণ প্ৰশাসনৰ কাৰ্যালয়ে জনোৱা মতে ৰথেদং অঞ্চলৰ বহুবিলাক গাঁৱত এতিয়াও ১৪৪ ধাৰাৰ অধীনত সান্ধ্য আইন জাৰি কৰি ৰখা হৈছে।

আৰ্চা (Arakan Rohingya Salvation Army)ৰ শেহতীয়া আক্ৰমণৰ পিছতে উত্তৰ ৰাখিনে প্ৰদেশৰ ৰথেদং, বুথিদং আৰু মংদ চহৰত সান্ধ্য আইন জাৰি কৰা হয়।

বিভাগীয় সূত্ৰই কালি জনোৱা অনুসৰি যোৱা ২৫ আগষ্টৰ ঘটনাৰ পিছত সান্ধ্য আইন জাৰি কৰা ৰথেদঙৰ ১১ খন গাঁৱৰ ৮ খনৰ পৰা পৰৱৰ্তী সময়ত সান্ধ্য আইন উঠাই লোৱা হৈছিল যদিও মংদ চহৰৰ ওচৰৰ ফেটলাকে, চুটপিং আৰু থেইনটং আদি গাঁৱত সান্ধ্য আইনৰ ম্যাদ বঢ়াই দিয়া হৈছিল।

ৰথেদং চহৰৰ প্ৰশাসক ক্য থুয়ে কয়, ‘সান্ধ্য আইন এতিয়াও বাতিল কৰা হোৱা নাই। ৩ জানুৱাৰিত আমি ইয়াৰ ম্যাদ পৰৱৰ্তী মাহলৈকে বঢ়াই দিছো।’

এই সান্ধ্য আইনে জনসাধাৰণক ৩ জানুৱাৰিৰ পৰা ফেব্ৰুৱাৰিৰ শেষলৈকে ৰাতি ৯ বজাৰ পৰা পুৱা ৬ বজালৈকে ঘৰৰ বাহিৰলৈ ওলোৱাটো নিষিদ্ধ কৰিছে।

সান্ধ্য আইন জাৰি নিৰ্দেশটোৰ মতে অস্থিৰতা আৰু হিংসাত্মক ঘটনা সংঘটিত হোৱা সময়ৰ পৰাই প্ৰতি দুমাহৰ মূৰে মূৰে এই নিৰ্দেশৰ ম্যাদ সম্প্ৰসাৰণ কৰা হৈ আছে।