অসমৰ জনপ্ৰিয় লেখক ময়ূৰ বৰালৈ আগবঢ়োৱা হৈছে অসমৰ প্ৰথমজন ডক্টৰেট, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ঢাকা বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য ময়িদুল ইছলাম বড়াৰ স্মৃতিত প্ৰৱৰ্তন কৰা ‘ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা’।
অৰুণোদয় সাহিত্য সভা আৰু ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতিৰ এখন যুটীয়া সভাত ২০১৮ বৰ্ষত এই বঁটাৰ বাবে ময়ূৰ বৰাক নিৰ্বাচিত কৰা হয়।
বড়াৰ ১১৮ তম জন্মদিৱসৰ লগত সংহতি ৰাখি অহা ২২ ছেপ্টেম্বৰত দিনৰ ১০.৩০ বজাত শিৱসাগৰ ৰংপুৰজ্যোতি ক্লাবত আনুষ্ঠানিকভাৱে বৰাক এই বঁটা প্ৰদান কৰা হ’ব।
অসমৰ শক্তি আৰু গড়কপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন গগৈয়ে এই বঁটা প্ৰদান কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
এই বটাঁৰ বাবে নিৰ্বাচিত হোৱা ময়ূৰ বৰাই বৰ্তমান ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংক মেনেজমেণ্টৰ ফেকালিটি মেম্বাৰ হিচাপে অধ্যাপনা কৰি আছে।
অনুভৱৰ প্ৰতিধ্বনি, পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ, প্ৰত্যাশাৰ প্ৰতিলিপি, ব্ৰাক্ষ্মণ্যবাদৰ কলিয়া ডাৱৰ আৰু অসম, আৱেগৰ কুঁৱলি ফালি, মাক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা, হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা, জাতিভেদ প্ৰথা আৰু শংকৰ দেৱ, চিন্তাৰ ভগ্নাংশ, ভাবনাৰ স্বৰলিপি আৰু অসমীয়াৰ স্বাভিমানৰ ৰূপৰেখা আদিকে কৰি বহুতো গ্ৰন্থৰ লগতে নিবন্ধৰে তেখেতে অসমীয়া সাহিত্যৰ ভড়াঁল চহকী কৰিবলৈ সক্ষম হৈছে।