• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ময়েই এন আৰ চিৰ জন্মদাতা : তৰুণ গগৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 31, 2018 8:43 pm
সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“এন আৰ চিৰ জন্মদাতা কোন? ময়েইতো এন আৰ চিৰ জন্মদাতা।” ৩০ জুলাইত বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ এদিন পিছতে আজি এইদৰে ইয়াৰ পিতৃত্ব আৰু কৃতিত্ব দাবী কৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

আজি, ৩১ জুলাইত দিচপুৰৰ চৰকাৰী আৱাসত সংবাদমেল অনুষ্ঠিত কৰি গগৈয়ে কয়, “আছু আৰু অগপই কয় যে তেওঁলোকে ১৯৮০ চনত ইন্দিৰা গান্ধীক এন আৰ চিৰ প্ৰস্তাৱ দিয়া বুলি, কিন্তু তাৰ পাছততো তেওঁলোক শুইহে থাকিল। এন আৰ চি ১৯৮৫ চনৰ চুক্তিত নহ’ল, প্ৰফুল্ল মহন্ত আছুৰ নেতা হৈ থকাৰ সময়ত বা মুখ্য মন্ত্ৰী থকা সময়ত নহ’ল, বাজপেয়ী চৰকাৰৰ দিনতো নহ’ল। এন আৰ চিৰ জন্মদাতা হ’ল কংগ্ৰেছ।”

আনহাতে, এন আৰ চিৰ কৃতিত্ব দাবী কৰাই নহয় উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এন আৰ চিৰ কাম পৰিচালিত হোৱা কথাটোও প্ৰকাৰান্তৰে অস্বীকাৰ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে।

তেওঁ কয়, “আমি কাম আৰম্ভ কৰাৰ পাছত ২০১৩ চনতহে উচ্চতম ন্যায়ালয়ত বিষয়টো আহিছে। উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰাৰ কথা কৈ থাকে। কিন্তু উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰা নাই। উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে সময়মতে উলিয়াবলৈ আৰু ঠিকমতে কৰিবলৈহে।”

গগৈয়ে লগতে ‘যি কংগ্ৰেছে অসম চুক্তি কৰিছে, সেই কংগ্ৰেছৰ নাম বা তেতিয়াৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম আজি কোনেও ল’ব নিবিচাৰে’ বুলিও মন্তব্য কৰে।

তেওঁ লগতে কয় যে আছু বা অগপই কংগ্ৰেছ বা মনমোহন সিঙৰ নাম ল’ব নিবিচাৰিলেও ৰেকৰ্ডবোৰ আছে। এন আৰ চি সন্দৰ্ভত কেতিয়া আলোচনা হৈছিল, মনমোহন সিং কেনেদৰে সন্মত হৈছিল, কেনেকৈ ২০১০ চনত পাইলট প্ৰজেক্ট আৰম্ভ হৈছিল সকলো ৰেকৰ্ডত থকাৰ দাবী কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

“মই জন্মদাতা হ’লেও ড০ মনমোহন সিঙে যদি আমাক সমৰ্থন নজনালে হেঁতেন আজি এন আৰ চিৰ কাম কেনেকৈ আৰম্ভ হ’ল হেঁতেন? মই জন্মদাতা কিন্তু Gynaecology ডাক্তৰ তেখেতহে। তেখেতেহে delivery কৰি দিছে। যিদৰে শিশু জন্ম পালে বাপেকে আনন্দ পায় তেনেকৈ ময়ো পাইছো।” গগৈয়ে কয়।

এন আৰ চিৰ বাবে কংগ্ৰেছৰ দিনত বিষয়া নিয়োগ কৰাৰ কথাও গগৈয়ে প্ৰকাশ কৰে। তেওঁ কয়, “আজি হাজেলাৰ নাম সকলোৱে কয়, কিন্তু প্ৰথমজন বিষয়া দীপক শৰ্মাৰ নাম কোনেও নলয়। তেওঁ অসমীয়া এ চি এছ অফিচাৰ আৰু তেৱেঁ কামটো আৰম্ভ কৰিছিল, কিন্তু অসমীয়া হোৱা বাবেই তেওঁৰ নাম নলয় কোনেও।”

ইয়াৰ উপৰি হিতেশ দেৱশৰ্মাকে ধৰি আৰু কেইবাজনো বিষয়াক এন আৰ চিৰ দায়িত্বত নিয়োগ কৰিছিল বুলি তেওঁ মন্তব্য কৰে। আনকি প্ৰতীক হাজেলাকো কংগ্ৰেছেই ২০১৩ চনত নিয়োগ কৰিছিল বুলি তেওঁ জানিবলৈ দিয়ে।

এন আৰ চিৰ পাইলট প্ৰজেক্টত এ আই য়ু ডি এফ আৰু আমছুৱে বাধা প্ৰদান কৰা আৰু যাৰ ফলত বৰপেটাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথাও সংবাদমেলত গগৈয়ে সোঁৱৰাই দিয়ে। লগতে এই বাধাতো কংগ্ৰেছ চৰকাৰে এন আৰ চিৰ উন্নীতকৰণৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া নাছিল বুলি গগৈয়ে কয়।

আনহাতে বিজেপিয়ে এন আৰ চি হোৱাটো বিচৰা নাছিল বুলি সংবাদমেলত গগৈয়ে মন্তব্য কৰে। তেওঁ কয়, “বিজেপিয়ে এটৰ্নি জেনেৰেলক লৈ উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ খচৰা প্ৰকাশৰ তাৰিখ পিছুৱাবৰ চেষ্টা কৰিছিল। তেওঁলোকে এন আৰ চি কেনেকৈ বিচাৰিব? বিজেপিয়ে নাগৰিকত্ব (সংশোধনী) বিধেয়ক আনিছে আৰু এই বিধেয়ক আৰু এন আৰ চি দুয়োটা পৰস্পৰ বিৰোধী। দুয়োখন তেল আৰু পানীৰ নিচিনা। এন আৰ চি হৈছে ১৯৭১ৰ ২৪ মাৰ্চক ভিত্তি কৰি আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ দ্বাৰা ২০১৪ চনক ভিত্তি বছৰ বিচৰা হৈছে।”

গগৈয়ে লগতে কয় যে বিজেপিয়ে বা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোনো কাৰণত এন আৰ চিৰ কৃতিত্ব ল’ব নোৱাৰে।

ইপিনে ‘এন আৰ চি’ক নিজে জন্ম দিয়া শিশু আখ্যা দিয়া তৰুণ গগৈয়ে চূড়ান্ত খচৰাক লৈ ১০০ শতাংশ সুখী হ’ব পৰা নাই। কাৰণ শিশুটি যিদৰে স্বাস্থ্যৱান নহ’লে বাপেক সুখী হ’ব নোৱাৰে তেওঁৰ মতে ঠিক তেনেকৈ ‘এন আৰ চিখনতো বিসংগতি আছে’ বাবে তেওঁ সুখী হ’ব পৰা নাই।

“এন আৰ চিখনত বহুত ভুল আছে, যাৰ বাবে ৪০ লাখ মানুহৰ নাম বাদ পৰিছে আৰু তেওঁলোক ভাৰতীয় নে বিদেশী সেয়াও স্পষ্ট হোৱা নাই। তেওঁলোকৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে।” গগৈয়ে কয়।

তেওঁ লগতে ৪০ লাখ মানুহৰ নাম বাদ পৰা কথাটো সহজভাৱে ল’ব পৰা নাই বুলি কৈ কংগ্ৰেছেই এন আৰ চিৰ কাম আগ বঢ়াই নিব পৰা হ’লে এনে বিসংগতি নহ’ল হেঁতেন বুলিও দাবী কৰে।

ইয়াৰ উপৰি ২০১৩ চনত কংগ্ৰেছে পূৰ্ণাংগ ৰূপত এন আৰ চিৰ কাম আৰম্ভ কৰাৰ পাছতেই কেন্দ্ৰত বিজেপি চৰকাৰ আহিল আৰু তাৰ ফলত অসমৰ কংগ্ৰেছ চৰকাৰে কাম আগ বঢ়োৱাত সহায় নোপোৱা হৈছিল বুলিও তেওঁ মন্তব্য কৰে।

একেখন সংবাদমেলতেই গগৈয়ে নিজকে ‘বিদেশীৰ ভোটত মুখ্য মন্ত্ৰী হোৱা নাই আৰু হ’ব নিবিচাৰে’ বুলি দাবী কৰি এজনো বিদেশীৰ নাম নথকা শুদ্ধ এন আৰ চি প্ৰকাশৰ দাবী কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd