মৰঙীত ভূপেন হাজৰিকা মুকিল মঞ্চ-উদ্যানৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ দাবীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ অৱস্থান ধৰ্মঘট

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতি আৰু মৰঙী আঞ্চলিক সমিতিৰ উদ্যোগত মৰঙী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত এক দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।

প্ৰাপ্ত তথ্য মতে  বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতি আৰু মৰঙী আঞ্চলিক সমিতিৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মুকলি মঞ্চ আৰু উদ্যানৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখযোগ্য যে ২০১৪-১৫ চনতে গোলাঘাট জিলাৰ মৰঙীত ড০ ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান নিৰ্মাণৰ বাবে ১০ লাখ টকা সংশ্লিষ্ট বিভাগৰ ফালৰ পৰা আবণ্টন হৈছিল।

কিন্তু পৰিতাপৰ কথা যে ২০১৪-১৫ চনতে টকা আবণ্টন হোৱাৰ পিছতো বৰ্তমানলৈকে ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ নুঠিল।

ফলত আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতি আৰু মৰঙী আঞ্চলিত সমিতিৰ উদ্যোগত গ্ৰহণ কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক এই ক্ষেত্ৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ দাবী জনায়।

প্ৰতিবাদকাৰী সকেল অৱস্থান ধৰ্মঘটৰ পিছত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে। লগতে স্মাৰকপত্ৰত এইক্ষেত্ৰত যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিব বুলি সকীয়াই দিয়ে।