মৰিয়নিত গিবন অভয়াৰণ্যৰ সুৰক্ষাৰ দাবীত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনশন

যোৰহাট জিলাৰ মৰিয়নিস্থিত একমাত্ৰ অভয়াৰণ্য হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ সুৰক্ষাৰ দাবী তুলি মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি অভয়াৰণ্যৰ কাষতে ৬ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখযোগ্য যে অভয়াৰণ্যখনৰ ভিতৰৰ মূল্যৱান গছ-গছনি কাটি তহিলং কাৰিছে একাংশ দুষ্কৃতিকাৰীয়ে। আকৌ এন একংশ দুষ্কৃতিকাৰীয়ে অভয়াৰণ্যখন সুৰাৰ আড্ডালৈ পৰিণত কৰি তুলিছে। ফলত এই সন্দৰ্ভত মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পূৰ্বতে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল।

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে চৰকাৰ বা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা বৰ্তমানলৈকে গ্ৰহণ নকৰিলে। যাৰ ফলত আজি পুনৰ  বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গিবন অভয়াৰণ্যৰ সুৰক্ষাৰ দাবী তুল পুৱাৰে পাৰ ৬ ঘণ্টীয়া অনশনত বহে।

প্ৰায় অৰ্ধশতাধিক প্ৰকৃতিপ্ৰেমীৰ সহযোগত অনশনস্থলীত বিধায়ক গৰাকীয়ে ‘গিবনত গছ কটা বন্ধ কৰক, দায়িত্বহীন দোষী বনবিষয়াক অতিশীঘ্ৰে বদলিকৰণ কৰক, গিবন অভয়াৰণ্য ৰক্ষা কৰক, বন্যপ্ৰাণী সুৰক্ষা কৰাৰ লগতে নিৰাপত্তা সুনিশ্চিত কৰক আৰু গিবন অভয়াৰণ্যৰ দাঁতি কাষৰীয়া ৰাইজক লৈ সজাগতা সভা আয়োজন কৰক’ শীৰ্ষক দাবী উত্থাপন কৰে।

আনহাতে আজিৰ অনশনস্থলীতে বিধায়ক গৰাকীয়ে চৰকাৰক ইয়াৰ পিছতো গিবন অভয়াৰণ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত ইয়াতকৈও অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি দিয়ে।