NORTHEAST NOW (Assamese)

মৰেল পুলিচৰ কাণ্ড : প্ৰেমৰ সম্পৰ্কৰ বাবেই গছত বান্ধি প্ৰহাৰ যুৱক যুৱতীক

August 20, 2023 8:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 20, 2023 9:46 pm

বিবাহ বহিৰ্ভূত প্ৰেমৰ সন্দেহত এগৰাকী মহিলা আৰু এজন যুৱকক স্থানীয় ৰাইজে গছত বান্ধি প্ৰহাৰ কৰাৰ এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। দুয়োকে বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সেই ঘটনাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শনিবাৰে ত্ৰিপুৰাৰ বেলনিয়া চহৰত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে ভুক্তভোগী ২০ বছৰীয়া যুৱতীগৰাকীয়ে ককাদেউতাক আৰু পেহীয়েকৰ লগত থাকিছিল। অভিযোগ অনুসৰি সেই অঞ্চলৰ এজন যুৱকৰ লগত যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। কিন্তু যুৱকজন বিবাহিত আৰু দুটা সন্তানৰ পিতৃ। 

স্থানীয় ৰাইজে শনিবাৰে দুয়োকে একেলগে দেখি তেওঁলোকক বিদ্যুতৰ খুঁটাত একেলগে বান্ধি মাৰপিট কৰে। অভিযোগ কৰা হৈছে যে সেই সময়ত তেওঁলোকক সহায় কৰিবলৈ কোনো অহা নাছিল। 

এই তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে আহি দুয়োকে উদ্ধাৰ কৰে।  ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। ইতিমধ্যে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে যুৱতীগৰাকীৰ ভাতৃ আৰু শাহুৱেক।

Related News