NORTHEAST NOW (Assamese)

সাংবাদিকৰ যকৃত পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰিলে গে’ট হস্পিটালে

May 15, 2018 6:58 pm · এন ই নাও নিউজ

মহানগৰস্থিত গে’ট হস্পিটালে আজি মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ পূৰ্ণাংগ যকৃতৰ কাৰ্যকাৰিতা (liver function test) পৰীক্ষা কৰাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰিছে। এই প্ৰায় ১৪০গৰাকী সদস্য সাংবাদিকে অংশগ্ৰহণ কৰে। প্ৰেছ ক্লাব কাৰ্যালয়ত শনিবাৰ বা তাৰ আগদিনালৈকে এই পৰীক্ষাৰ সকলো প্ৰতিৱেদন বিনামূলীয়া হ’ব।

অংশগ্ৰহণকাৰীসকলৰ ৰক্তচাপ আৰু শৰ্কৰা পৰীক্ষাও কৰা হয়। এই শিবিৰত ড০ মহিবুল ইছলাম উপস্থিত থকি অংশগ্ৰহণকাৰীসকলকৰ চিকিৎসা সম্পৰ্কীয় পৰামৰ্শ প্ৰদান কৰিছিল।পৰীক্ষাগাৰৰ টেকনিচিয়ান জিতু তালুকদাৰ, মালৱিকা নাথ আৰু বন্তি ৰাণী আৰু নাৰ্ছ সুমি ৰাজবংশীয়ে এই শিবিৰত সহায়তা আগবঢ়াইছিল। শিবিৰত হস্পিটালখনৰ মুখ্য পৰিচালনা বিষয়া মিণ্টু ৰঞ্জন দত্তও উপস্থিত আছিল।

হস্পিটালখনৰ অভিজ্ঞ চিকিৎসকসকলে ২৬ মে’ৰ মেডিয়া অ পি ডি ক্লিনিকত (আবেলি ৩-০০ৰ পৰা ৫ বজালৈকে) প্ৰেছ ক্লাব চৌহদত উপস্থিত থকি অংশগ্ৰহণকাৰীসকলৰ তেজৰ নমুনাৰ প্ৰতিৱেদনৰ ওপৰত বিনামূলীয়া পৰামৰ্শ আগবঢ়াব।

Related News