যশস্বী অভিনেতা বিজু ফুকনৰ মৃত্যু

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অসমৰ যশস্বী অভিনেতা বিজু ফুকনৰ আজি সন্ধিয়া এপ’ল’ হস্পিটেলত মৃত্যু হয়। ড০ বেজবৰুৱা নামৰ অসমীয়া চিনেমাখনৰ জৰিয়তে চিনেমা জগতত খোজ পেলোৱা অভিনেতা বিজু ফুকনে প্ৰায় ৮০ খন অসমীয়া বোলছবিত অভিনয় কৰিছিল। তেওঁ চিনেমাৰ এটা গানত কণ্ঠদানো কৰিছিল। তেওঁৰ জন্মস্থান ডিব্ৰুগড়ত আছিল যদিও পিছৰফালে গুৱাহাটীৰ বাসিন্দা হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ। তেওঁ পত্নী ৰাজশ্ৰী ফুকন আৰু জীয়েক সংঘমিত্ৰা ফুকনক এই সংসাৰত এৰি থৈ যায়। ফুকনে বহুকেইখন অসমীয়া চিনেমাত নায়ক হিচাপে সফল অভিনয় কৰাৰ উপৰি ইণ্ডিয়ান পেনোৰামাৰ জুৰি হিচাপেও কাৰ্য্য নিৰ্বাহ কৰিছিল। আজি সন্ধিয়া গুৱাহাটীৰ এপ’ল’ হস্পিটেল কৰ্তৃপক্ষই তেওঁৰ মৃত্যুৰ কথা এক প্ৰেছ বিজ্ঞপ্তি যোগে জনায়।

‘সোণমইনা’ নামৰ অসমীয়া বোলছবিখনত তেওঁ ‘হাঁহি হাঁহি ঢাকি দিয়া, জীৱনৰ যত বেদনা’ শীৰ্ষক গানটোত নেপথ্য গায়ক হিচাপে ভূমিকা লৈছিল।

বোলছবিৰ নেপথ্য গায়ক হিচাপে বিজু ফুকনে কণ্ঠদান কৰা একমাত্ৰ গানটো।

‘বোৱাৰী’ নামৰ অসমীয়া ছবিখনৰ ‘মন হীৰাদৈ’ শীৰ্ষক গানটো আৰু গানটোত অভিনয় কৰা বিজু ফুকনৰ অভিনয়ে আজিও বহুজনকে ৰোমাঞ্চিত কৰি তোলে।এইখন সেই সময়ৰ ছুপাৰ হিট ছবি আছিল আৰু তাৰ আঁৰত আছিল অন্তৰ স্পৰ্শী কাহিনীৰ লগতে বিজু ফুকনৰ বলিষ্ঠ অভিনয়।

তেওঁক নায়ক হিচাপে অসমৰ চিনেমাপ্ৰেমীয়ে তেতিয়াৰ পৰাই উচ্চ স্তৰত স্থান দিয়া হ’ল। অৱশ্যে তাৰ আগতেই তেওঁ ‘অৰণ্য’ নামৰ বোলছবিখনতে নায়ক হিচাপে ভূমুকি মাৰিছিল। ১৯৪৭ চনৰ ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা বিজু ফুকনে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয় আৰু শ্বিলঙৰ ছেইণ্ট এডমাণ্ডছ কলেজত শিক্ষা লৈছিল। তেওঁ অভিনয় কৰা অগ্নিস্নান নামৰ বোলছবিখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰো পাইছিল। তেওঁ অভিনয় কৰা অন্তিমখন চিনেমা আছিল কংকন ৰাজখোৱাৰ ‘দূৰ’ (২০১৬)।

ৰাজনৈতিক জীৱন

১৯৯৯ চনত তেওঁ আঞ্চলিক দল অগপত যোগদান কৰে আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল। ২০১৪ চনত তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।