যশস্বী পৰিচালক মুনিন বৰুৱালৈ ‘ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা’

File Photo Of Munin Baruah

২০১৮ চনৰ ‘ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা’ৰ বাবে নিৰ্বাচন কৰা হৈছে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱাক। ২০০৯ চনৰ পৰা ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাত আছে নগদ এক লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ আৰু এখন অংগবস্ত্ৰ।

বৰ্তমান অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী বটবৃক্ষ স্বৰূপ মুনিন বৰুৱাই ১৯৪৬ চনত জন্মগ্ৰহণ কৰিছিল গোলাঘাটৰ খুমটাইত। বিশিষ্ট চিত্ৰনাট্যকাৰ, পৰিচালক মুনিন বৰুৱাই সত্তৰৰ দশকতে অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলাইছিল। যশস্বী পৰিচালকগৰাকীয়ে বৰ্তমানলৈকে ২১ খন চলচ্চিত্ৰৰ চিত্ৰনাট্য ৰচনা কৰাৰ লগতে ১৪ খন চলচ্চিত্ৰ পৰিচালনা কৰি অসমীয়া উদ্যোগটোক চহকী কৰি ৰাখিছে।

তেওঁ পৰিচালনা কৰা চলচ্চিত্ৰসমূহ হৈছে ‘পিতা পুত্ৰ’, ‘পাহাৰী কন্যা’, ‘বিধাতা’, ‘বাৰুদ’, ‘ৰং’, ‘দীনবন্ধু’ ‘ৰামধেনু’, ‘প্ৰভাতী পখীৰ গান’, ‘হিয়া দিয়া নিয়া’, ‘দাগ’, ‘নায়ক’, ‘কন্যাদান’ আৰু ‘প্ৰিয়াৰ প্ৰিয়’।

চলচ্চিত্ৰ জগতৰ উপৰি মুনিন বৰুৱাই ভ্ৰাম্যমান মঞ্চৰ বাবেও কেইবাখনো নাটক ৰচনা কৰিছে। ‘ঘৰ’, ‘আঘাত’, সূৰ্যপুত্ৰ কৰ্ণ’, ‘খিৰিকী’ আদি তেওঁৰ কেইখনমান জনপ্ৰিয় নাটক।

লক্ষ্যণীয় যে তেওঁ পৰিচালনা কৰা দীনবন্ধু ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি নায়ক ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান আৰু বাৰুদ ছবিখনে শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে।

অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মুনিন বৰুৱাক ‘প্ৰাগ চিনে এৱাৰ্ড’ৰ তৰফৰ পৰা ২০১৭ বৰ্ষত জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰিছিল।

বিশিষ্ট শিক্ষাবিদ, গল্পকাৰ, পৰিচালক ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ মঙলবাৰে ৮৭ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা এই বঁটা ঘোষণা কৰা হয়।