NORTHEAST NOW (Assamese)

যুৱকক হত্যাৰ অপৰাধত যোৰহাটত ন-জনক গ্ৰেপ্তাৰ

December 15, 2017 8:49 pm · দেৱজিৎ বৰুৱা
Updated: December 15, 2017 8:56 pm

এজন যুৱকক আক্ৰমণ কৰি পিছত গাত জুই লগাই দি নৃশংসভাৱে হত্যা কৰাৰ অপৰাধত আজি  যোৰহাট আৰক্ষীয়ে নজন লোকক আটক কৰে। ঘটনাটো ঘটিছিল যোৱা ১০ ডিচেম্বৰত চিনামৰা আৰক্ষী চকীৰ অধীনৰ জিলা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত। হত্যাৰ বলি হোৱা যুৱকজন আছিল উত্তম বৰপাত্ৰ গোহাঁই (৩৭) আৰু তেওঁৰ ঘৰ চিনামৰাৰ সদৰ মাজগাৱঁত। যুৱকজনৰ পত্নী অমৃতা কৌৰে কালি তেওঁৰ স্বামীক হত্যাৰ অভিযোগ কৰি যোৰহাট সদৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল। উল্লেখযোগ্য যে নৃশংস আক্ৰমণটোৰ পিছত বেয়াকৈ আঘাতপ্ৰাপ্ত যুৱকজনক ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হস্পিটেললৈ নিছিল যদিও যোৱা বুধবাৰে নিশা তেওঁৰ মৃত্যু হয়। মৃত যুৱকজনৰ গোচৰৰ ভিত্তিত আজি যোৰহাট আৰক্ষীয়ে ক্ৰমে অনন্ত দত্ত, গুণকান্ত বৰা, জেহিৰুল হুছেইন, মন্তু গগৈ, কমলজিৎ সিং, কুলদীপ সিং, মুনীন্দ্ৰ দাস, মহমদ ৰুকুল হুছেইন, ৰমাকান্ত দাওক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে আজি আৰক্ষীয়ে মুখ্য ন্যায়িক দণ্ডাধীশৰ আগত হাজিৰ কৰায়। তাৰ পাছতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

Related News