যুৱচামক চাকৰীপ্ৰাৰ্থীৰ পৰিৱৰ্তে উদ্যোগী হ’বলৈ আহ্বান সাংসদ ৰমেন ডেকাৰ

MP , Mangaldai Loksabha Ramen Deka is seen addressing the workshop

মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই ৰাজ্যখনৰ যুৱচামক চাকৰীপ্ৰাৰ্থী নহৈ চাকৰী সৃষ্টিকৰ্তা  হ’বলৈ আহ্বান জনাইছে। তেওঁ যুৱচামক ব্যৱসায়ৰ নতুন পদ্ধতি উদ্ভাৱন কৰাৰ বাবে আহ্বান জনাই এই বুলি কৈছে যে ইতিবাচক চিন্তাৰ অবিহনে মানুহে সৃষ্টিশীলতা বা নতুন চিন্তাৰ বিকাশ কৰিব নোৱাৰে।

বুধবাৰে আবেলি ভাৰত চৰকাৰৰ অনুবিদ্যুৎ বিজ্ঞান (Electronics) আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মঙলদৈত ভাৰতীয় ছফ্‌টৱেৰ টেকনোলজি পাৰ্কৰ গুৱাহাটী শাখাই  নতুনকৈ মুকলি কৰা বিজিনেছ প্ৰচেছিং আউটছোৰ্ছিং আঁচনিৰ এখন কৰ্মশালাত ভাষণ দি সাংসদ ডেকাই এইদৰে কয়।

কেনেদৰে এগৰাকী যুৱকে কম শিক্ষাগত অৰ্হতা সত্তেও কেবল নিজৰ উদ্ভাৱনী ক্ষমতাৰ দ্বাৰা সফল উদ্যোগী হ’ব পাৰে তাৰে কেইটামান উদাহৰণ ডাঙি ধৰি সাংসদগৰাকীয়ে ভাৰত চৰকাৰৰ আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰি এগৰাকী সফল উদ্যোগী হৈ নিজৰ বাবে উপাৰ্জন কৰাৰ উপৰিও আন নিবনুৱা যুৱকৰ বাবে কৰ্ম সংস্থান সৃষ্টি কৰাৰ বাবে আহ্বান জনায়।

তাৰোপৰি, “উচ্চাকাংক্ষা জিলা’’ প্ৰকল্প আৰু প্ৰস্তাৱিত ৰেচম নগৰ মঙলদৈ প্ৰকল্পৰ বাবে সাম্ভাব্য নিয়োগৰ সুবিধাৰ কথা মনত ৰাখি তেওঁ এনেধৰণৰ কৰ্মশালা অদূৰ ভৱিষ্যতে আৰু অধিক সংখ্যাত আয়োজন কৰাৰ ওপৰত জোৰ দিয়ে।

অনুষ্ঠানত ভাষণ দি উত্তৰ-পূব তথ্য প্ৰযুক্তি সংস্থাৰ (North East Information Technology Association) সম্পাদক তথা আগশাৰিৰ উদ্যোগী মণিকংকণ বৰুৱাই মঙলদৈত ভৱিষ্যতে প্ৰৱল সম্ভৱনা থকা বিভিন্ন বাণিজ্যিক ধাৰণাৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পূৰ্বে গুৱাহাটীস্থ ভাৰতীয় ছফ্‌টৱেৰ টেকনোলজি পাৰ্কৰ সঞ্চালক প্ৰবীৰ কুমাৰ দাসে এই কৰ্মশালাখনৰ গুৰুত্ব ব্যাখ্যা কৰিছিল। কৰ্মশালাখনৰ মূল বিষয়বস্তুৰ ওপৰত এটা পাৱাৰ-পইণ্ট প্ৰক্ষেপনো কৰা হৈছিল।