যুৱ কংগ্ৰেছৰ নির্বাচন : জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ লবী ৰাজনীতিত বৃদ্ধি পাইছে নিৰ্বাচনী উত্তাপ

কংগ্ৰেছ

অসম প্রদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নির্বাচনক কেন্দ্ৰ কৰি দলটোৰ আভ্যন্তৰীণ লবীকেন্দ্রিক ৰাজনীতিৰ তৎপৰতা স্পষ্ট হৈ পৰিছে। প্ৰদেশ কংগ্ৰেছৰ বাবে গুৰুত্বপূৰ্ণ সাংগঠনিক ভেটি প্ৰতিষ্ঠাৰ আধাৰ হিচাপে কাম কৰা যুৱ কংগ্ৰেছৰ নির্বাচনত নিজৰ পছন্দৰ প্রার্থীক বিজয়ী কৰাই আনিবলৈ দলটোৰ একাংশ শীর্ষ নেতাই যৎপৰোনাস্তি চেষ্টা চলাইছে।

ইতিমধ্যে ২৪ খন জিলাৰ ৩৫ টা বিধানসভা সমষ্টিত প্রথম পর্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈ গৈছে। আনহাতে, আন ৪০ টা বিধানসভা সমষ্টিত দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

বৰপেটা জিলাৰ ভৱানীপুৰ, বাঘবৰ, চেঙা, বিশ্বনাথৰ গহপুৰ, কাছাৰৰ শিলচৰ, বৰখোলা, চৰাইদেউৰ মাহমৰা, চিৰাঙৰ বিজনী, দৰঙৰ কাইগাঁও, ধেমাজিৰ জোনাই, ধুবুৰীৰ গৌৰীপুৰ, গোলককগঞ্জ, ডিব্ৰুগড়ৰ মৰাণ, টিংখাং, নাহৰকটীয়া, গোৱাললপাৰাৰ দুধনৈ, গোৱাললপাৰা পূব, গোৱাললপাৰা পশ্চিম, গোলাঘাটৰ বোকাখাত, খুমটাই, হাইলাকান্দি, হোজাই, যোৰহাটৰ টীয়ক, যোৰহাট, কামৰূপ মহানগৰৰ পূব গুৱাহাটী, কামৰূপৰ বকো, পলাশবাৰী, কাৰ্বি আংলঙৰ হাওৰাঘাট, কৰিমগঞ্জৰ দক্ষিণ কৰিমগঞ্জ, লখিমপুৰৰ বিহপুৰীয়া, নাওবৈচা, মৰিগাঁৱৰ লাহৰীঘাট, নগাঁৱৰ বঢ়মপুৰ, চামগুৰি, নগাঁও, নলবাৰীৰ বৰক্ষেত্ৰী, শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি, বৰছলা তথা ৰঙাপৰা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে।

এইবাৰ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ পদত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা দহগৰাকী প্রার্থীৰ ভিতৰত আছে অংকিতা দত্ত, অৰূপ তালুকদাৰ, প্ৰণৱ কলিতা, ৰাতুল পাটোৱাৰী, কামৰুল ইছলাম চৌধুৰী, মৃণাল হাজৰিকা, ৰণোজ পেগু, জিতু গগৈ, মহিম পায়েং আৰু মূৰ ছফিকুল ৱাজিদ।

প্রার্থীসকলে নির্বাচনী অভিযান তীব্রতৰ কৰি তুলিছে। প্রদেশ কংগ্ৰেছৰ একাংশ শীর্ষ নেতাই পছন্দৰ নিজৰ প্রার্থী বিজয়ী কৰাবলৈ উঠি-পৰি লাগিছে। প্রদেশ কংগ্ৰেছৰ ভিতৰচৰাত কার্যতঃ যুৱ কংগ্ৰেছ নির্বাচনৰ নামত এতিয়া লবীকেন্দ্রিক ৰাজনীতি তুংগত উঠিছে।

কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰসমূহৰ পৰা জানিব পৰা মতে বিৰাধী দলপতি  দেৱব্ৰত শইকীয়াই ৰাতুল পাটোৱাৰীক যুৱ কংগ্রেছৰ সভাপতি পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন আগবঢ়ইছে। সেইদৰে প্রাক্তন মন্ত্রী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ পছন্দৰ প্রার্থী হ’ল কামৰুল ইছলাম চৌধুৰী। আন এগৰাকী প্রাক্তন মন্ত্রী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্রদ্যুৎ বৰদলৈয়ে অৰূপ তালুকদাৰক প্রক্ষেপ কৰিছে।

সাংসদ গৌৰৱ গগৈয়ে এন এছ ইউ আইৰ প্রাক্তন সভাপতি মৃণাল হাজৰিকাক  সমর্থন জনোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে গগৈয়ে একাংশ বিধায়কে সমৰ্থন কৰা প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি প্রয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তক সমৰ্থন কৰিলেও আচৰিত হ’বলগীয়া নাই।

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই যুৱ কংগ্ৰেছৰ নিৰ্বাচনত নিৰপেক্ষতা অৱলম্বন কৰাত প্ৰাৰ্থীসকলে অন্য পথেৰে যুৱ কংগ্ৰেছীসকলক আকৰ্ষণ কৰা চেষ্টা চলাইছে।