যোগ প্ৰেৰণাৰ উদ্যোগত চাহ অধ্যুষিত অঞ্চলত “যোগ সকলোৰে বাবে” শীৰ্ষক সজাগতা শিবিৰ

yoga chamaguri

এগৰাকী মহিলা যোগবিদৰ প্ৰচেষ্টাত গঢ় লৈ উঠা  নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ একমাত্ৰ যোগ প্ৰশিক্ষণ কেন্দ্ৰ “যোগ প্ৰেৰণা “ৰ উদ্যোগত দেওবাৰে শিলঘাটত “যোগ সকলোৰে বাবে” শীৰ্ষক এটি যোগ সজাগতা শিৱিৰ অনুষ্ঠিত হয়।

“সমগ্ৰ বিশ্বলৈ ভাৰতীয় মহান ঋষি মনিষী সকলৰ অনবদ্য অৱদান যোগৰ উপকাৰিতা উপলব্ধি কৰি  আজি সকলোৱে  যোগক আকোৱালি লোৱা পৰিলক্ষিত হৈছে,’’- যোগ সজাগতা শিৱিৰত উপস্থিত থাকি যোগ প্ৰেৰণাৰ তত্বাৱধায়ক তথা অভিজ্ঞ প্ৰশিক্ষক ৰেখামনি দাসে এইদৰে কয়।

তেওঁ যোগে কি দৰে মানুহ এজনৰ শৰীৰ আৰু মনৰ মাজত একাত্মতা ৰক্ষা কৰি মানুহ এজনক  সুস্থ, সবল, নিৰোগী, সফল আৰু পূৰ্ণাংগ মানৱ কৰি গঢ়ি তোলে আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমাজত একতাৰ এনাজৰীৰ সৃষ্টি কৰে তাৰ বহল বাখ্যা আগবঢ়ায়।

তেওঁ  লগতে কয় যে আজি স্কুল কলেজত প্ৰচলিত বিদ্যা লাভ কৰি বহুজনে বহু সফলতা লাভ কৰিছে কিন্তু সেই প্ৰচলিত বিদ্যাৰ লগতে ছাত্ৰ ছাত্ৰীৰ বাবে আত্ম বিদ্যাৰো অতিকে প্ৰয়োজন, কাৰণ প্ৰচলিত বিদ্যাই ল’ৰা ছোৱালীক আগবাঢ়ি যোৱাৰ মানসিকতা প্ৰদান কৰে, সপোন দেখিবলৈ শিকায়। কিন্তু জীৱনটো ইমান মসৃন নহয় যে এজনে যি কৰিব বিচাৰে সেয়া অনায়াসে হৈ উঠিব।

‘’হতাশাগ্ৰস্ত হৈ বহুতে বিপথে পৰিচালিত হোৱা দেখা যায়। সেয়েহে আমাক আত্ম বিদ্যাৰ প্ৰয়োজন যিয়ে এজন ব্যক্তিৰ জীৱনলৈ অহা সমস্যাসমূহক সাহসেৰে প্ৰত্যাহ্বান জনাই নিজৰ লগতে পীড়িত দলিত সকলোকে আগুৱাই লৈ যাৱ পাৰে তথা এক আনন্দ পূৰ্ণ ৰাষ্ট্ৰীয় জীৱনৰ অনাবিল সুখৰ মদিৰা পাণ কৰাব পাৰে আৰু সেয়া একমাত্ৰ সম্ভৱ হ’ৱ পাৰে যোগ বিদ্যাৰ জৰিয়তে,’’- প্ৰশিক্ষক যোগবিদ ৰেখামনি দাসে কয়।

অতি পিছপৰা চাহ বাগিছা অধ্যুষিত অঞ্চল হিচাপে পৰিচিত শিলঘাটৰ কলিয়াবৰ চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত যোগ সজাগতা শিৱিৰত  শিক্ষক বসন্ত মুণ্ডা আৰু ভাগ্যৱতী মুণ্ডায়ে আঁতধৰা অনুষ্ঠানটোতে যোগ প্ৰশিক্ষণ কেন্দ্ৰ ‘যোগ প্ৰেৰণা’ৰ ছাত্ৰী ৰেনু গগৈয়ে বিভিন্ন যোগাসনৰ আসন  প্ৰদৰ্শন কৰি  উপস্থিত লোকক আপ্লুত কৰে।

জ্যেষ্ঠ নাগৰিককে ধৰি প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থকা  যোগ শিৱিৰত গৌৰি গোৱালা আৰু পৃৰ্ণিমা ঠাকুৰ নামৰ মহিলা দুগৰাকীয়ে আকৰ্ষণীয় ভাষণ প্ৰদান কৰে।