NORTHEAST NOW (Assamese)

যোৰহাটত মহিলাক খুকুৰিৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা প্ৰাক্তন স্বামীৰ

July 24, 2018 10:52 pm · স্মিতা ভাট্টাচাৰ্য

আজি যোৰহাট জিলাৰ ভোগদৈ দলঙৰ সমীপত এক ভয়ানক ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে ভোগদৈ দলঙৰ সমীপত জুৰি দাস নামৰ এগৰাকী মহিলাক তেওঁৰ প্ৰাক্তন স্বামী জয়ন্ত দাসে মহিলা গৰাকীৰ ১০ বছৰীয়া শিশুটিৰ সন্মুখতে খুকুৰিৰে আক্ৰমণ কৰি হত্যা কৰাৰ চেষ্টা চলায়।

আনহাতে ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া টুলুমনি দুৱৰাই অভিযুক্ত জয়ন্ত দাসক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিছে।

লগতে ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে কয়।

ইফালে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জনোৱা অনুসৰি জয়ন্ত দাসে মহিলা গৰাকীক  পূৰ্ব পৰিকল্পনা অনুসৰিয়ে হত্যা কৰাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। যিহেতু মহিলা গৰাকীয়ে অন্য কোনো ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল যাৰ বাবে জয়ন্ত আৰু মহিলা গৰাকীৰ মাজত বিচ্ছেদ ঘটিছিল।

তাৰোপৰি জয়ন্ত দাসে আৰক্ষীৰ আগত জুৰি দাসে জয়ন্তলৈ হোৱাটচআপ যোগে তেওঁলোকৰ পুত্ৰ সন্তানক বিচাৰি মেছেজ প্ৰেৰণ কৰি থকা বুলিও কয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

Related News