NORTHEAST NOW (Assamese)

যোৰহাটত হত্যাৰ গোচৰত ৯ জন লোকক গ্ৰেপ্তাৰ

December 16, 2017 12:58 pm · দেৱজিৎ বৰুৱা
প্ৰতিনিধিত্বমূলক ছবি

যোৰাহাট জিলাৰ চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত জিলা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত যোৱা ডিচেম্বৰৰ ১০ তাৰিখৰ নিশা এজন যুৱকক আক্ৰমণ কৰি জ্বলাই দিয়াৰ ঘটনা সংঘটিত কৰাৰ অপৰাধত যোৰহাট আৰক্ষীয়ে ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

চিনামৰাৰ সদৰ মাজগাঁওৰ এগৰাকী বাসিন্দা উত্তম বৰপাত্ৰ গোঁহাইৰ (৩৭) পত্নী অমৃতা কৌৰে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত যোৰহাট সদৰ আৰক্ষী থানাত এটা হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। কৌৰে তেওঁৰ এজাহাৰত অভিযোগ কৰিছিল যে তেওঁৰ স্বামীক যোৱা ১০ ডিচেম্বৰত এটা অপৰাধীৰ দলে আক্ৰমণ কৰি জ্বলাই দিয়াৰ পিছত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল আৰু যোৱা বুধবাৰে চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।

গ্ৰেপ্তাৰ কৰা লোককেইজনক অনন্ত দত্ত, গুনকান্ত বৰা, জেহিৰুল হুছেইন, মন্টু গগৈ, কমলজিৎ সিং, কুলদীপ সিং, মুনীন্দ্ৰ দাস, মঃ ৰুকুল হুছেইন আৰু ৰমাকান্ত দাও বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোকক যোৰহাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ ৰীণা বড়োৰ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

 

Related News