NORTHEAST NOW (Assamese)

যোৰহাটৰ ছোৱালী হোষ্টেলৰ সন্মুখত যৌনাংগ প্ৰদৰ্শনৰ ঘটনা : গ্ৰেপ্তাৰ সুম্ৰিত কুমাৰ দাস

May 14, 2018 2:54 pm · এন ই নাও নিউজ

যোৰহাট চহৰৰ তৰাজানৰ চোলাধৰা পথৰ দুটা ছোৱালী হোষ্টেলৰ সন্মুখত দীৰ্ঘদিনধৰি নিজৰ যৌনাংগ প্ৰদৰ্শন কৰি অহা যুৱকজনক যোৰহাট সদৰ থানাৰ আৰক্ষীয়ে আজি পুৱা প্ৰায় ৪ বজাত আটক কৰিবলৈ সক্ষম হয়।

ধৃত যুৱকজন যোৰহাট গড়মুৰৰ শ্ৰীমন্তপুৰৰ নিবাসী সুম্ৰিত কুমাৰ দাস বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। যুৱকজনে ব্যৱহাৰ কৰা দুখন স্কুটী আৰু এখন বাইকো জব্দ কৰে আৰক্ষীয়ে।

যোৰহাট সদৰ থানাৰ আৰক্ষী অধীক্ষকৰ পৰ্যবেক্ষণত হোৱা এই অভিযানত আৰক্ষী বিষয়া দীপাংকৰ গগৈ আৰু হেমেন দাসে নেতৃত্ব দি সফলতাৰে যুৱকজনক আটক কৰে।

উল্লেখ্য যে হোষ্টেল দুটাৰ সন্মুখত দীৰ্ঘদিন ধৰি উক্ত যুৱকজনে নিজৰ যৌনাংগ প্ৰদৰ্শন কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল। আৰু সেই ঘটনাটো সন্দৰ্ভত এচ এফ আই (Students’ Federation of India)ৰ যোৰহাট জিলাৰ সম্পাদক অমৰ কলিতাই দেওবাৰে ১৩ মে’ত যোৰহাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।

ঘটনাৰ গোচৰ ৰুজু হোৱাৰ কেইঘণ্টা মান পাছতে আৰক্ষীয়ে বিকৃত মানসিকতাৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত যোৰহাটৰ সচেতন মহলে যোৰহাট আৰক্ষীক ধন্যবাদ দিয়াৰ লগতে তেওঁলোকৰ শলাগ লয়।

Related News