দশক দশকজুৰি ৰে’ল মন্ত্ৰ্যালয়ে অসমবাসীৰ প্ৰতি কৰি অহা বঞ্চনাৰ প্ৰতিবাদত বহু কেইটা দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে সন্মিলতভাৱে অহা ১৫ মে’ত ৰঙিয়াৰ ডি আৰ এম কাৰ্যালয়ৰ সন্মুখত গণ অৱস্থান কাৰ্যসূচী পালন কৰিব।
ৰাজ্যখনত ৰে’লৰ সামগ্ৰিক উন্নয়নৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লিপ্ততা আৰু ঔপনিৱেশিক নীতিৰ প্ৰতিবাদত বৃহৎ গণ আন্দোলনৰ প্ৰস্তুতি চলোৱা হৈছে ৰঙিয়াত। অসম ৰে’লযাত্ৰী সংস্থাৰ নেতৃত্বত এই গণ আন্দোলনৰ অংশীদাৰ হৈছে আছু, যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, এছ এফ আই, সদৌ অসম গৰীয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, গৰীয়া যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অগপ, বিজেপি, চি পি আই (এম), কংগ্ৰেছৰ দলৰ উপৰি এই দলসমূহৰ ভাতৃ সংগঠনবোৰ আৰু ৰঙিয়াৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান।
এই সন্দৰ্ভত এখন গোহাৰি পত্ৰত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে স্বৰাজোত্তৰ কালত অসমক যে কেৱল উপনিৱেশ হিচাপেহে গণ্য কৰি আহিছে ,তাৰ প্ৰমাণ ৰাজ্যখনৰ ৰে’ল আন্তঃগাঁথনি। গোহাৰিখনত লগতে কোৱা হৈছে যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত দ্বৈত ৰে’ল পথেই নহয়, তৃতীয়-চতুৰ্থ ৰে’লপথ পৰ্যন্ত স্থাপন হৈ উঠাৰ সময়ত অসমে দ্বৈত ৰে’লপথ এটাৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হোৱাটো চৰম দুৰ্ভাগ্যজনক।
শৰাইঘাটত ১৯৬২ চনতেই নিৰ্মাণ কৰা ৰে’লৰ দলঙখনেৰে মূলতঃ আজিও অসম দেশৰ অন্য প্ৰান্তৰ সৈতে ৰে’লেৰে সংযোজিত হৈ থাকিবলগীয়া হৈছে। শৰাইঘাটত দ্বিতীয় এখন ৰে’লৰ দলঙৰ প্ৰয়োজনীয়তা বিগত দুটা দশক ধৰি অনুভৱ কৰি অহা হৈছে যদিও কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই।
নিউ বঙাইগাঁৱৰপৰা ৰঙিয়া হৈ কামাখ্যালৈকে দ্বৈত ৰে’লপথৰ ব্যৱস্থা আৰু শৰাইঘাটত দ্বিতীয়খন ৰে’লৰ দলঙৰ নিৰ্মাণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’ল মন্ত্ৰ্যালয়ক বাৰম্বাৰ আবেদন জনাই আহিছে যদিও এই কেন্দ্ৰৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই।
আনহাতে, অসমত ৰে’লপথৰ বৈদ্যুতিকৰণৰ বিষয়টোতে ৰে’ল মন্ত্ৰণালয়ে আজিকোপতি যথোচিত গুৰুত্ব প্ৰদান কৰা নাই। ভাৰতবৰ্ষৰ আন ৰাজ্যত বিদ্যুতৰ সহায়ত যদি ৰে’ল চলিব পাৰে, তেন্তে অসমত কি কাৰণত নোৱাৰে বুলি গোহাৰিখনত প্ৰশ্ন কৰা হয়।
ৰে’লৰ গ্ৰুপ ‘চি’ আৰু ‘ডি’ৰ পদসমূহত স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে নিযুক্তিৰ ব্যৱস্থা কৰাৰ বাবে অসমবাসীয়ে দাবী জনাই আহিছে যদিও ৰে’ল মন্ত্ৰ্যালয়ে আজিকোপতি এই বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই। অসমৰ পৰা ৰে’ল ৰাজ্যমন্ত্ৰীগৰাকী নিৰ্বাচিত হোৱাৰ সময়ত ৰাইজে অসমৰ ৰে’লৰ আন্তঃগাঁথনিৰ উন্নয়ন হ’ব বুলি গভীৰ প্ৰত্যয়েৰে বিশ্বাস কৰিছিল যদিও এই ক্ষেত্ৰত কোনো পৰিৱৰ্তন নঘটিল।অসমৰ পৰা ৰে’লৰ ৰাজ্যমন্ত্ৰীগৰাকী থাকোতে অসমে শৰাইঘাটত দ্বিতীয়খন ৰে’লৰ দলং আৰু নিউ বঙাইগাঁৱৰপৰা ৰঙিয়া হৈ কামাখ্যালৈ দ্বৈত ৰে’লপথ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱাটো চৰম লজ্জাজনক বুলি বিবেচিত হৈছে।
কেন্দ্ৰীয় চৰকাৰে যি সময়ত আন ৰাজ্যক হাজাৰ হাজাৰ কোটি টকাৰ অনুদান দি আছে, তেনে সময়ত শৰাইঘাটৰ দ্বিতীয়খন ৰে’লৰ দলং নিৰ্মাণৰ বাবে দুহাজাৰ কোটি দিব নোৱৰাৰ কোনো যুক্তি থাকিব নোৱাৰে বুলি গোহাৰিত উল্লেখ কৰি কোৱা হৈছে যে অসমে ৰে’ল মন্ত্ৰ্যালয়ৰ পৰা প্ৰাপ্য আঁজুৰি আনিবলৈ ঐক্যবদ্ধ আন্দোলনৰ গত্যন্তৰ নাই। এনে পৰিস্থিতিতে সম্প্ৰতি ৰঙিয়াত ৰে’ল বিভাগটোৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে ৰাইজ ঐক্যবদ্ধভাৱে সংগ্ৰামৰ বাবে সাজু হৈছে বুলি গোহাৰিখনত কোৱা হৈছে।