• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৰাইঘাটত দ্বিতীয়খন ৰে’ল দলঙৰ দাবী আৰু ৰে’ল বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে ১৫ মে’ত ৰঙিয়াত অৱস্থান কাৰ্যসূচী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2018 2:54 pm
শৰাইঘাট দলং

ব্ৰহ্মপুত্ৰৰ ওপৰত থকা শৰাইঘাটৰ একমাত্ৰ ৰে'লৰ দলংখন : ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দশক দশকজুৰি ৰে’ল মন্ত্ৰ্যালয়ে অসমবাসীৰ প্ৰতি কৰি অহা বঞ্চনাৰ প্ৰতিবাদত বহু কেইটা দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে সন্মিলতভাৱে অহা ১৫ মে’ত ৰঙিয়াৰ ডি আৰ এম কাৰ্যালয়ৰ সন্মুখত গণ অৱস্থান কাৰ্যসূচী পালন কৰিব।

ৰাজ্যখনত ৰে’লৰ সামগ্ৰিক উন্নয়নৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লিপ্ততা আৰু ঔপনিৱেশিক নীতিৰ প্ৰতিবাদত বৃহৎ গণ আন্দোলনৰ প্ৰস্তুতি চলোৱা হৈছে ৰঙিয়াত। অসম ৰে’লযাত্ৰী সংস্থাৰ নেতৃত্বত এই গণ আন্দোলনৰ অংশীদাৰ হৈছে আছু, যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, এছ এফ আই, সদৌ অসম গৰীয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, গৰীয়া যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অগপ, বিজেপি, চি পি আই (এম), কংগ্ৰেছৰ দলৰ উপৰি এই দলসমূহৰ ভাতৃ সংগঠনবোৰ আৰু ৰঙিয়াৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান।

Apply Now

এই সন্দৰ্ভত এখন গোহাৰি পত্ৰত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে স্বৰাজোত্তৰ কালত অসমক যে কেৱল উপনিৱেশ হিচাপেহে গণ্য কৰি আহিছে ,তাৰ প্ৰমাণ ৰাজ্যখনৰ ৰে’ল আন্তঃগাঁথনি। গোহাৰিখনত লগতে কোৱা হৈছে যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত দ্বৈত ৰে’ল পথেই নহয়, তৃতীয়-চতুৰ্থ ৰে’লপথ পৰ্যন্ত স্থাপন হৈ উঠাৰ সময়ত অসমে দ্বৈত ৰে’লপথ এটাৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হোৱাটো চৰম দুৰ্ভাগ্যজনক।

শৰাইঘাটত ১৯৬২ চনতেই নিৰ্মাণ কৰা ৰে’লৰ দলঙখনেৰে মূলতঃ আজিও অসম দেশৰ অন্য প্ৰান্তৰ সৈতে ৰে’লেৰে সংযোজিত হৈ থাকিবলগীয়া হৈছে। শৰাইঘাটত দ্বিতীয় এখন ৰে’লৰ দলঙৰ প্ৰয়োজনীয়তা বিগত দুটা দশক ধৰি অনুভৱ কৰি অহা হৈছে যদিও কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই।

নিউ বঙাইগাঁৱৰপৰা ৰঙিয়া হৈ কামাখ্যালৈকে দ্বৈত ৰে’লপথৰ ব্যৱস্থা আৰু শৰাইঘাটত দ্বিতীয়খন ৰে’লৰ দলঙৰ নিৰ্মাণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’ল মন্ত্ৰ্যালয়ক বাৰম্বাৰ আবেদন জনাই আহিছে যদিও এই কেন্দ্ৰৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই।

আনহাতে, অসমত ৰে’লপথৰ বৈদ্যুতিকৰণৰ বিষয়টোতে ৰে’ল মন্ত্ৰণালয়ে আজিকোপতি যথোচিত গুৰুত্ব প্ৰদান কৰা নাই। ভাৰতবৰ্ষৰ আন ৰাজ্যত বিদ্যুতৰ সহায়ত যদি ৰে’ল চলিব পাৰে, তেন্তে অসমত কি কাৰণত নোৱাৰে বুলি গোহাৰিখনত প্ৰশ্ন কৰা হয়।

ৰে’লৰ গ্ৰুপ ‘চি’ আৰু ‘ডি’ৰ পদসমূহত স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে নিযুক্তিৰ ব্যৱস্থা কৰাৰ বাবে অসমবাসীয়ে দাবী জনাই আহিছে যদিও ৰে’ল মন্ত্ৰ্যালয়ে আজিকোপতি এই বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই। অসমৰ পৰা ৰে’ল ৰাজ্যমন্ত্ৰীগৰাকী নিৰ্বাচিত হোৱাৰ সময়ত ৰাইজে  অসমৰ ৰে’লৰ আন্তঃগাঁথনিৰ উন্নয়ন হ’ব বুলি গভীৰ প্ৰত্যয়েৰে বিশ্বাস কৰিছিল যদিও এই ক্ষেত্ৰত কোনো পৰিৱৰ্তন নঘটিল।অসমৰ পৰা ৰে’লৰ ৰাজ্যমন্ত্ৰীগৰাকী থাকোতে অসমে শৰাইঘাটত  দ্বিতীয়খন ৰে’লৰ দলং আৰু নিউ বঙাইগাঁৱৰপৰা ৰঙিয়া হৈ কামাখ্যালৈ দ্বৈত ৰে’লপথ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱাটো চৰম লজ্জাজনক বুলি বিবেচিত হৈছে।

কেন্দ্ৰীয় চৰকাৰে যি সময়ত আন ৰাজ্যক হাজাৰ হাজাৰ কোটি টকাৰ অনুদান দি আছে, তেনে সময়ত শৰাইঘাটৰ দ্বিতীয়খন ৰে’লৰ দলং নিৰ্মাণৰ বাবে দুহাজাৰ কোটি  দিব নোৱৰাৰ কোনো যুক্তি থাকিব নোৱাৰে বুলি গোহাৰিত উল্লেখ কৰি কোৱা হৈছে যে অসমে ৰে’ল মন্ত্ৰ্যালয়ৰ পৰা প্ৰাপ্য আঁজুৰি আনিবলৈ ঐক্যবদ্ধ আন্দোলনৰ গত্যন্তৰ নাই। এনে পৰিস্থিতিতে সম্প্ৰতি ৰঙিয়াত ৰে’ল বিভাগটোৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে ৰাইজ ঐক্যবদ্ধভাৱে সংগ্ৰামৰ বাবে সাজু হৈছে বুলি গোহাৰিখনত কোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd