ৰাষ্ট্ৰীয় সুৰক্ষা আইন (NSA)ৰ অধীনত আটক কৰি ৰখা সমাজকৰ্মী প্ৰণৱ দলেৰ আটকাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। এক বিবৃতিযোগে সংগঠনটোৱে এই ৰায়ক আদৰণি জনোৱাৰ লগতে আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষৰ কাৰ্যকলাপক লৈ কেইবাটাও গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।
বিবৃতিটোত উল্লেখ কৰা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত পাঁচ তাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে কৰ্তৃপক্ষই বলপূৰ্বকভাৱে ভূমি অধিগ্ৰহণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা আদিবাসী লোকসকলৰ আন্দোলনত নেতৃত্ব দিছিল প্ৰণৱ দলে। সংগঠনটোৰ মতে, তেওঁ শান্তিপূৰ্ণ আন্দোলনৰ নেতৃত্ব দিয়াৰ বাহিৰে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত আটক কৰি ৰখাৰ যুক্তি দিব পৰা কোনো কাৰ্যকলাপত জড়িত হোৱা নাছিল। বৰঞ্চ তেওঁ দীৰ্ঘদিন ধৰি মাত মাতিব নোৱৰা লোকসকলৰ অধিকাৰ আৰু ন্যায়ৰ হকে মাত মাতি আহিছে।
বিবৃতিটোত আৰু অভিযোগ কৰা হৈছে যে শেহতীয়াকৈ চৰকাৰী জনবিৰোধী নীতি আৰু পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোকসকলক কঠোৰ আইনৰ অধীনত হাৰাশাস্তি আৰু আটক কৰাৰ এক উদ্বেগজনক প্ৰৱণতা গঢ় লৈ উঠিছে।
অসম নাগৰিক সন্মিলনে আৰক্ষীৰ এনে স্বেচ্ছাচাৰী কাৰ্যকলাপক তীব্ৰ গৰিহণা দি কয় যে নিজৰ অধিকাৰৰ হকে গণতান্ত্ৰিক আৰু ন্যায়সংগত প্ৰতিবাদ সাব্যস্ত কৰা নাগৰিকৰ কণ্ঠ ৰুদ্ধ কৰাৰ এনে প্ৰচেষ্টা কোনোপধ্যে গ্ৰহণযোগ্য নহয়।


