• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাণীত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা! হাতী-মানুহৰ সংঘাত বৃদ্ধিক লৈ উদ্বিগ্ন স্থানীয় বাসিন্দা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2026 4:50 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ সমীপৱৰ্তী ৰাণীত পুনৰ সংঘটিত হৈছে হাতী-মানুহৰ সংঘাতৰ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা। সোমবাৰ পুৱাৰ ভাগত ৰাণী বনাঞ্চলৰ অন্তৰ্গত উদয়পুৰ গাঁৱত সংঘটিত হয় এই ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি, ৰত্না কাকতি নামৰ মহিলাগৰাকীয়ে স্থানীয় যুৱক শ্ৰীকান্ত বড়োৰ সৈতে পুৱা খোজ কাঢ়িবলৈ ওলাই গৈছিল। সেই সময়তে হঠাৎ জোপোহাৰ আঁৰৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে তেওঁলোকক আক্ৰমণ কৰিবলৈ খেদি আহে। হাতীটোৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ শ্ৰীকান্ত বড়োৱে পথৰ দাঁতিত থকা এটা কংক্ৰিটৰ নলাত আশ্ৰয় লয়। কিন্তু ৰত্না কাকতিক হাতীটোৱে আক্ৰমণ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয়।

Apply Now

স্থানীয় ৰাইজে ততাতৈয়াকৈ মহিলাগৰাকীক ৰাণী সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায়। অৱশ্যে তেওঁৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

স্থানীয় লোকৰ মতে, অঞ্চলটোত বনৰীয়া হাতীৰ বিচৰণ আৰু জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে। বনাঞ্চলৰ মাজত থকা হাতীৰ চলাচলৰ পথ সংকুচিত হৈ অহা আৰু ৰাণী-গৰভঙা কৰিডৰৰ বাসস্থান খণ্ডিত হোৱাৰ ফলত হাতী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে বন বিভাগৰ এগৰাকী বিষয়াই।

ইফালে, একে সময়তে গোৱালপাৰা জিলাৰ পূব গোৱালপাৰাৰ বিভিন্ন অঞ্চলতো বনৰীয়া হাতীৰ বৃহৎ জাকে তাণ্ডৱ চলোৱাৰ খবৰ পোৱা গৈছে। প্ৰায় ৪০টাৰো অধিক হাতীৰ জাকটোৱে মাটিয়া অঞ্চলৰ বাকাইটাৰী, ৰতনপুৰ, নিগাম আৰু সিদ্ধাবাৰী গাঁৱত প্ৰৱেশ কৰি বিস্তীৰ্ণ শালিধানৰ খেতি, শাক-পাচলিৰ বাগিচা আৰু বাসগৃহৰ ক্ষতিসাধন কৰে। হাতীৰ উপদ্ৰৱৰ ফলত কৃষক পৰিয়ালসমূহৰ মাজত আতংকৰ সৃষ্টি হৈছে।

বন বিভাগৰ কৰ্মচাৰীসকলে স্থানীয় ৰাইজৰ সহযোগত হাতীৰ জাকটোক জনবসতিপূৰ্ণ অঞ্চলৰ পৰা আঁতৰাই বনাঞ্চললৈ ঘূৰাই পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে, হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ অঞ্চলটোত স্থায়ী নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ দাবী জনাইছে স্থানীয় বাসিন্দাসকলে।

ক্ৰমাগতভাৱে বৃদ্ধি পোৱা এনে ঘটনাই পুনৰ এবাৰ অসমৰ হাতী-মানুহৰ সংঘাতৰ সমস্যা আৰু ইয়াৰ স্থায়ী সমাধানৰ প্ৰয়োজনীয়তাক চৰ্চালৈ আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাণীত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা! হাতী-মানুহৰ সংঘাত বৃদ্ধিক লৈ উদ্বিগ্ন স্থানীয় বাসিন্দা

ৰাণীত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা! হাতী-মানুহৰ সংঘাত বৃদ্ধিক লৈ উদ্বিগ্ন স্থানীয় বাসিন্দা

November 10, 2026 4:50 pm
হিন্দুত্ববাদৰ মুখা পিন্ধি গো-মাতাৰ চোৰাং সৰবৰাহৰ পৰাও ছিণ্ডিকেটৰ ধন লয় হিমন্ত-জয়ন্তই! অভিযোগ অখিলৰ

হিন্দুত্ববাদৰ মুখা পিন্ধি গো-মাতাৰ চোৰাং সৰবৰাহৰ পৰাও ছিণ্ডিকেটৰ ধন লয় হিমন্ত-জয়ন্তই! অভিযোগ অখিলৰ

November 10, 2026 3:41 pm
সাগৰৰ তলিত ভাৰতৰ মানৱ অভিযান! ‘মৎস্য-৬০০০’এ বিচাৰি উলিয়াব মহাসাগৰৰ ৰহস্য

সাগৰৰ তলিত ভাৰতৰ মানৱ অভিযান! ‘মৎস্য-৬০০০’এ বিচাৰি উলিয়াব মহাসাগৰৰ ৰহস্য

November 10, 2026 3:08 pm
ঘৰলৈ আহিছিল প্ৰধানমন্ত্ৰী মোদী, চাহ একাপো খাইছিল; ঋণৰ বোজাত জৰ্জৰিত অযোধ্যাৰ সেই মাঝি পৰিয়াল

ঘৰলৈ আহিছিল প্ৰধানমন্ত্ৰী মোদী, চাহ একাপো খাইছিল; ঋণৰ বোজাত জৰ্জৰিত অযোধ্যাৰ সেই মাঝি পৰিয়াল

November 10, 2026 3:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাণীত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা! হাতী-মানুহৰ সংঘাত বৃদ্ধিক লৈ উদ্বিগ্ন স্থানীয় বাসিন্দা

ৰাণীত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা! হাতী-মানুহৰ সংঘাত বৃদ্ধিক লৈ উদ্বিগ্ন স্থানীয় বাসিন্দা

November 10, 2026 4:50 pm
হিন্দুত্ববাদৰ মুখা পিন্ধি গো-মাতাৰ চোৰাং সৰবৰাহৰ পৰাও ছিণ্ডিকেটৰ ধন লয় হিমন্ত-জয়ন্তই! অভিযোগ অখিলৰ

হিন্দুত্ববাদৰ মুখা পিন্ধি গো-মাতাৰ চোৰাং সৰবৰাহৰ পৰাও ছিণ্ডিকেটৰ ধন লয় হিমন্ত-জয়ন্তই! অভিযোগ অখিলৰ

November 10, 2026 3:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd