আৰ্থিক অৱস্থাৰ উন্নতি ঘটিব। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ঘৰলৈ গৈ ফুল বিক্ৰেতাৰ পৰিয়ালটোক আশ্বাস দিছিল। কিন্তু তিনি বছৰৰ পাছত অযোধ্যাৰ মীৰা মাঝিৰ পৰিয়ালে ঋণৰ বোজাত জৰ্জৰিত হৈ পৰিছে। শেহতীয়াকৈ এই বিষয়টো পোহৰলৈ অহাত যথেষ্ট আলোড়নৰ সৃষ্টি হৈছে।
অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ কিছুদিন পূৰ্বে মোডীয়ে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ১০ কোটি সংখ্যক গ্ৰাহক মীৰাৰ ঘৰত উপস্থিত হৈছিল। দুখীয়া পৰিয়ালটোৰ ঘৰত চাহ একাপো খাইছিল।
শেহতীয়াকৈ মীৰাই এক সংবাদমেলত কয়, ‘প্ৰধানমন্ত্ৰীয়ে ঘৰটো পৰিদৰ্শন কৰাৰ পিছত জিলা প্ৰশাসন আৰু বেংকৰ বিষয়াকে ধৰি কেইবাজনো বিষয়া আহিছিল। তেওঁলোকে মোক ফুল বিক্ৰী কৰিবলৈ স্থায়ী স্থান দিয়াৰ আশ্বাস দিছিল। মোৰ স্বামীকো নাও নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। পিছত নাওখনৰ বাবে ঋণৰ ব্যৱস্থা কৰা হ’ল।’
মীৰাই লগতে কয় যে ফুল বিক্ৰীৰ ঠাইখনৰ বাবে ৫ হাজাৰ টকা দাবী কৰা হৈছিল। জিলা প্ৰশাসনক খবৰ দিয়াৰ পিছতো কোনো লাভ নহ’ল। অৱশেষত তেওঁ ফুল বিক্ৰীৰ পেছাটো এৰি দিলে। তদুপৰি বানপানীকে ধৰি কেইবাটাও কাৰণত স্বামীৰ উপাৰ্জনও অনিয়মিত হৈ পৰে।
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি মাঝি পৰিয়ালে দুটা কিস্তিত ২,৬১,২৫০ আৰু ২৩,৭৫০ টকা ঋণ লাভ কৰে। ঋণ পৰিশোধ নকৰাৰ বাবে বেংকে ২০২৬ চনৰ ৫ জুলাইত তেওঁলোকৰ বিৰুদ্ধে জাননী জাৰি কৰে।
সংবাদমেলত উপস্থিত থকা কংগ্ৰেছৰ যুৱ নেতা শাৰদ শুক্লাই আক্ৰমণ কৰি কয়, ‘যাৰ ঘৰত প্ৰধানমন্ত্ৰীয়ে আহি চাহ খাইছিল, তেওঁলোকেই এতিয়া ঋণৰ বোজাত জৰ্জৰিত। এইটোৱেই হৈছে মোডী মডেলৰ বাস্তৱ পৰিস্থিতি।’
ইপিনে, সংবাদমেলৰ অন্তত অখিলেশ যাদৱৰ দিনৰ প্ৰাক্তন মন্ত্ৰী পৱন পাণ্ডেই মাঝি পৰিয়ালটোক ৫০ হাজাৰ টকাৰে সহায় কৰা বুলি জানিব পৰা গৈছে। অযোধ্যাৰ মেয়ৰ তথা বিজেপি নেতা গিৰিশপতি ত্ৰিপাঠীয়ে আৰু ৬০ হাজাৰ টকা আগবঢ়ায়।





