NORTHEAST NOW (Assamese)

যোৰহাট জিলাৰ টীয়কৰ মেলেঙত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

April 19, 2018 8:43 pm · এন ই নাও নিউজ

যোৰহাট জিলাৰ টীয়কৰ মেলেঙত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা এটা নাহৰফুটুকী বৃহস্পিতবাৰে পুৱা বনবিভাগে পতা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয়।

উল্লেখযোগ্য যে নাহৰফুটুকী বাঘটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই স্থানীয় ৰাইজৰ গৰু, মহ, ছাগলী আদি খাই এক আতংকৰ সৃষ্টি কৰি আহিছিল।

ফলতএই ক্ষেত্ৰত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে। ইফালে বন বিভাগে নাহৰফুটুকীটো কৰায়ত্ত কৰাৰ বাবে প্ৰায় এমাহ পূৰ্বে অঞ্চলটোত এটা পিঞ্জৰা স্থাপন কৰিছিল। অৱশেষত বুধবাৰে নিশা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়।

আনহাতে নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত অঞ্চলটোৰ ৰাইজে স্বস্তিৰ নিশ্বাস লয়। ইতিমধ্যে বন বিভাগে ভোগদৈ আৰক্ষীৰ সহযোগত নাহৰফুটুকীটো কাদিৰঙালৈ নিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।

Related News