• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৰহাট পৌৰসভাৰ দুৰ্নীতিৰ তদন্ত : আজি পৌৰসভাৰ বিষয়া-কৰ্মচাৰীক শুনানিৰ বাবে উন্নয়ন আয়ুক্তৰ কাৰ্যালয়লৈ তলব

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2018 11:01 am
Jorhat-Municipal-Board-570x320
149
VIEWS
Share on FacebookShare on Twitter

যোৰহাট পৌৰসভাত বহু দিনৰ পৰা চলি থকা পুঁজি ব্যয়ৰ অনিয়মক লৈ সংবাদ মাধ্যমত খবৰ প্ৰচাৰ হোৱাৰ পিছত এই বিষয়টো এতিয়া চৰকাৰৰ তদন্তৰ আওতালৈ আহিছে। দুৰ্নীতিৰ কথা অন্যান্য সংবাদ মাধ্যমৰ লগতে নৰ্থ-ইষ্ট নাওৰ বাতৰিতো সবিস্তাৰে প্ৰকাশ হৈছিল।

ইয়াৰে পৰিণামস্বৰূপে মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা যোৰহাটৰ উপায়ুক্তলৈ বিষয়টো গুৰুত্বসহ ল’বলৈ যোৱা ১৫ মে’ত ই-মেইল যোগে পত্ৰ গৈছিল। তাৰ পাছতে উপায়ুক্তই যোৰহাট জিলা উন্নয়ন আয়ুক্ত ব্ৰজেন চন্দ্ৰ দাসক বিষয়টোৰ তদন্তৰ দায়িত্ব দিয়ে।

উল্লেখযোগ্য যে বিজেপিৰ দখলত থকা যোৰহাট পৌৰ সভাত সংঘটিত হৈ থকা অনিয়মৰ ফলত পৌৰ সভাখন প্ৰায় অচল হোৱাৰ পৰ্য্যায়লৈ গতি কৰা বুলি নৰ্থ-ইষ্ট নাওৰ বাতৰিত প্ৰকাশ পাইছিল। পৌৰ সভাৰ খোদ ৱাৰ্ড কমিশ্যনাৰসকলেই এই শংকা প্ৰকাশ কৰিছিল নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত। অভিযোগ মতে, কংগ্ৰেছৰ দিনৰে পৰা, অৰ্থাৎ ইয়াৰ আগৰ কাৰ্য্যকালৰ পৰা এতিয়ালৈকে হোৱা দুৰ্নীতিৰ ফলত পৌৰসভাখনলৈ পুঁজিৰ যোগান বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। সূত্ৰসমূহে জনোৱা মতে ১৩ আৰু ১৪ বিত্তীয় কালৰ প্ৰথম অংশৰ প্ৰায় ৩ কোটি আৰু দ্বিতীয় অংশৰ প্ৰায় ৫ কোটি টকাৰ ব্যয়ৰ প্ৰমাণ পত্ৰ জমা পৌৰসভাই দিবলৈ বাকী আছে।

তাৰোপৰি এতিয়া চলি থকা বিভিন্ন উন্নয়নমূলক কামতো ব্যাপক দুৰ্নীতি হৈ থকাৰ কথা নিৰ্ভৰযোগ্য সূত্ৰসমূহে জানিবলৈ দিছে। এজন অভিযোগকাৰীয়ে কয় যে ট্ৰেইড লাইচেন্সৰ মাচুল, হৰ্ডিঙৰ মাচুল আদিত অনিয়ম, অৱহেলা আৰু দুৰ্নীতি হৈ আছে।

জানিব পৰা মতে, সম্প্ৰতি দুৰ্নীতিৰ তদন্ত কৰি থকা জিলা উন্নয়ন আয়ুক্তই বিজেপিৰ দখলত থকা যোৰহাট পৌৰসভাৰ দুৰ্নীতিৰ  ১৭ মে’ত পৌৰসভাৰ কাৰ্যবাহী বিষয়ালৈ প্ৰেৰণ কৰা এক পত্ৰৰ জৰিয়তে পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলক ২৩ মে’ৰ পুৱা ১০.৩০ বজাত জিলা উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব লগা শুনানিত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।

যোৰহাটৰ সচেতন নাগৰিকে পৌৰসভাৰ দুৰ্নীতিৰ তদন্ত হোৱাত আনন্দ প্ৰকাশ কৰিছে আৰু অপৰাধীৰ বিৰুদ্ধে খৰতকীয়াকৈ আইনী ব্যৱস্থা লোৱাটো বিচাৰিছে।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd