NORTHEAST NOW (Assamese)

যোৰাবাট আৰক্ষীয়ে জব্দ কৰিলে দুষ্প্ৰাপ্য বন্যপ্ৰাণী

March 26, 2018 12:14 pm · এন ই নাও নিউজ
অসম ৰাজ্যিক চিৰিয়াখানাত জব্দ কৰা দুষ্প্ৰাপ্য বন্যপ্ৰাণীসমূহ

এক বৃহৎ পৰিমানৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহ কৰিবলৈ অনা সময়ত যোৰাবাট আৰক্ষীয়ে দেওবাৰে জব্দ কৰে। জব্দ কৰা দুষ্প্ৰাপ্য প্ৰাণীসমূহৰ মাজত আছে ছুগাৰ গ্লাইডাৰ, এটা মীৰকাট আৰু তিনিটা মাৰ্মোচেট বন্দৰকে ধৰি সৰীসৃপৰ ভিতৰত আছে এটা আফ্ৰিকীয় বৰ্ণাকৃতিৰ কাছ,

১৩ টা গুটি বৰণীয়া সাপ (কৰ্ণ স্নেক), দুটা বগা অজগৰ, চাৰিটা বনৰীয়া গোম সাপ (গেবন ভাইপাৰ), এটা চেন্ট্ৰেল বিয়াৰ্ডেড ড্ৰেগন আৰু আঠটা বিশাল বৃশ্চিক। অভিযুক্তসকল এতিয়া আৰক্ষীৰ জিম্মাত আছে।

 

এই দুষ্প্ৰাপ্য বন্যপ্ৰাণীসমূহ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এখন টাটা ছুম’ত আইজলৰ পৰা গুৱাহাটীলৈ আনিছিল। বন্যপ্ৰাণীসমূহ দিল্লীলৈ নিয়াৰ কথা আছিল। জব্দ কৰা বন্যপ্ৰাণীসমূহৰ মূল্য আন্তৰ্জাতিক বজাৰত প্ৰায় ৫ কোটি টকা হ’ব।

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ বিষয়াৰ এটা দলে বন্যপ্ৰাণীসমূহ নিজৰ জিম্মালৈ নিয়ে আৰু তাৰ পিছত সেইবোৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ হস্তান্তৰ কৰে।

কটন বিশ্ববিদ্যালয়ৰ নাৰায়ন শৰ্মা আৰু হেল্প আৰ্থৰ জয়াদিত্য পুৰকায়স্থই বন্যপ্ৰাণীসমূহ চিনাক্ত কৰে।

 

গুৱাহাটীৰ বন্যপ্ৰাণী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া প্ৰদীপ্ত বৰুৱাই বন্যপ্ৰাণী উদ্ধাৰৰ ক্ষেত্ৰত ইয়াক এক ডাঙৰ সফলতা বুলি উল্লেখ কৰে। বৰুৱাই কয় যে কুমাৰে সৰবৰাহ কৰিবলৈ অনা বন্যপ্ৰাণীসমূহৰ কিছুমানৰ বাটতে মৃত্যু ঘটিছে।

‘’আমি প্ৰথমবাৰৰ বাবে এনে বৃহৎ পৰিমানৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী জব্দ কৰিছো। আমি এতিয়াও সকলোবোৰ প্ৰজাতি চিনাক্ত কৰিব পৰা নাই। এই ধৰণৰ বন্যপ্ৰাণীৰ ব্যৱসায় আমাৰ ৰাজ্যত একেবাৰে নতুন। উদ্ধাৰ কৰা বন্যপ্ৰাণীসমূহ পশুচিকিৎসা বিভাগৰ তত্বাৱধানত আছে। আমি ব্যক্তিগৰাকীৰ পৰা উত্তৰ-পূবত তেওঁলোকে কেনেদৰে এই কাৰবাৰ চলাই আছে তাক উলিয়াবলৈ জেৰা কৰিছো,’’-বৰুৱাই কয়।

 

Related News