NORTHEAST NOW (Assamese)

যোৰাহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ ধাৰাবাহিক ৰেগিঙৰ বলি কনিষ্ঠ ছাত্ৰ : এজাহাৰ দাখিল

November 27, 2017 12:44 pm · এন ই নিউজ ব্যুৰো, যোৰহাট:

শেহতীয়াকৈ জ্যেষ্ঠ ছাত্ৰৰ দ্বাৰা কনিষ্ঠ ছাত্ৰক ৰেগিঙৰ নামত নিৰ্যাতন চলোৱাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় ষাণ্মাষিকৰ ছাত্ৰক উক্ত মহাবিদ্যালয়ৰে সন্দেহযুক্ত  ১০ গৰাকী জ্যেষ্ঠ ছাত্ৰই ধাৰাবাহিকভাৱে ৬ মাহ ধৰি শাৰীৰিক তথা মানসিক নিৰ্যাতন চলাইছিল। জানিব পৰা মতে এই ঘটনাৰ পিছতে মহাবিদ্যালয়খনৰ কৌশিক কলিতা, দৃষ্টান্ত ডেকা  আৰু আমিৰুল হ’ক নামৰ তিনিগৰাকী জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে যোৰহাটৰ গড়মূৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হৈছে।

সংবাদ মাধ্যমৰ আগত এগৰাকী ভুক্তভোগী ছাত্ৰই কোৱা মতে এই তিনিগৰাকী জ্যেষ্ঠ ছাত্ৰই তেওঁক বিগত ৬ মাহ ধৰি শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। তেওঁলোকে হোষ্টেল চৌহদত কিছুমান নিয়ম বান্ধি দিছিল যিটো কনিষ্ঠ ছাত্ৰকেইজনক পালন কৰিবলৈ বাধ্য কৰাইছিল। উক্ত কনিষ্ঠ ছাত্ৰজনক যোৱা শনিবাৰে নিশা অভিযুক্ত তিনি ছাত্ৰই কোঠাত সোমাই আহি বেয়াকৈ মাৰধৰ কৰে। ছাত্ৰজনে এই বিষয়ে অধ্যক্ষগৰাকীক লিখিত অভিযোগ দাখিল কৰাৰ লগতে আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰে।

ভুক্তভোগী ছাত্ৰজনৰ মাকে সংবাদ মাধ্যমক জনায় যে আৰক্ষীয়ে এইক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশা কৰিছে।

ইয়াৰ মাজতে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে প্ৰাথমিক অনুসন্ধানৰ ভিত্তিত অভিযুক্ত ছাত্ৰ তিনিগৰাকীক তাৎক্ষণিকভাৱে মহাবিদ্যালয়খনৰ পৰা বহিষ্কাৰ কৰিছে।

Related News