কাৰ্বি পাহাৰৰ ডকমকাত এজুম উন্মত্ত মানুহে চৰম পৈশাচিকভাৱে আৰু নৃশংসভাৱে মৰিয়াই-থেতেলিয়াই দুই প্ৰতিভাশালী ‘দুৰন্ত তৰুণ’ক হত্যা কৰি কিৰিলিয়াই উঠা ঘটনাই সমগ্ৰ ৰাজ্যতে আৰু ৰাজ্যৰ বাহিৰতো অনুভূতিশীল মানুহৰ হৃদয় আৰু বিবেকক গুৰুতৰভাৱে ঘাইল কৰিছে আৰু চকা-মকাকৈ হ’লেও আমাৰ সমাজৰ মনগহনৰ চুকে-কোণে স্তূপীকৃত হৈ থকা আদিম বন্যতাৰ অৱশেষৰ আভাস দিছে।
সঠিকভাৱেই এই নিৰ্মম-নিদাৰুণ, বৰ্বৰ হত্যাকাণ্ডৰ প্ৰতিবাদ হৈছে আৰু তাৰ বিষয়ে বিস্তৰ আলাপ-আলোচনাও হৈছে। অৱশ্যে সেই বন্যতাৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ কোনো কোনো লোকে বন্যজাতীয় মন্তব্যও প্ৰকাশ কৰিছে।
কিছু লোকে কাৰ্বিসকলক জংলী বুলিছে আৰু সমূহ কাৰ্বিৰ বিৰুদ্ধে বিষোদগাৰ কৰিছে। এই মানসিকতা আৰু নীলোৎপল-অভিজিতৰ হত্যাকাৰীৰ মানসিকতাৰ মাজত মৌলিক তফাৎ নাইI কাৰণ দুয়োটাৰে উঁহ হৈছে এক মাথাগৰমী, অযৌক্তিক প্ৰৱণতা; ‘অন্য’ বুলি চিহ্নিত যিকোনোকে তাৰাতাৰি খাস্তাং কৰাৰ প্ৰৱণতা। এইসকলে পাহৰে যে নীলোৎপল-অভিজিতৰ হত্যাত জড়িত আটাইমখা কাৰ্বি নহয়, সেই বৰ্বৰকেইটা সমূহ কাৰ্বি মানুহৰ প্ৰতিনিধি নহয় আৰু নানা সময়ত গোটেই ৰাজ্যতে, দেশতে, বিশ্বতে সংঘটিত হৈ থকা এনে অজস্ৰ ঘটনা কেৱল কাৰ্বিলোকেই ঘটাই থকা নাই। লক্ষ্মী উৰাঙক গুৱাহাটীৰ ৰাজপথত নগ্ন কৰাসকল বা গোমাংস খোৱাৰ সন্দেহত উত্তৰ প্ৰদেশত মহম্মদ আখলাকক হত্যা কৰাসকল, অসম আন্দোলনৰ সময়ত নেলী, ফুলুং চাপৰি আদিত হত্যালীলা চলোৱাসকল, হত্যাৰ প্ৰচেষ্টাৰে ড০ হীৰেন গোহাঁই ছাৰৰ মূৰ ফলাসকল, নলবাৰীৰ জাগাৰাত মদন-মাধৱক সূৰ্যদেৱৰ চকুৰ সমুখতে কঁচি কঁচি মাৰোতাসকল, লেখক কালবুৰ্গি-পানছাৰে-ডাভোলকাৰ আৰু সাংবাদিক গৌৰী লংকেশৰ হত্যাকাৰীসকল, ‘ডাইনী’-হত্যাৰ খলনায়কসকল আৰু সামাজিক মাধ্যমত প্ৰতিপক্ষ বুলি ভবাজনৰ বিৰুদ্ধে অভব্য আক্ৰমণ কৰাসকল – এই আটাইবোৰ কি কাৰ্বি?
আৰু এই সকলো মানুহ কি অশিক্ষিত? অৰ্থাৎ এই ভয়ংকৰ বৰ্বৰতাৰ নেপথ্যত বিশেষ ‘জনগোষ্ঠীয় তেজ’ আৱিষ্কাৰ কৰাৰ প্ৰৱণতাও সভ্যতাৰ নহয়, বৰ্বৰতাৰেই চিন। অশিক্ষা এটা কাৰণ হ’ব পাৰে, কিন্তু সিও একমাত্ৰ বা চূড়ান্ত কাৰণ নহয়। ইয়াৰ ঘাই কাৰণ হৈছে নিজৰ অস্তিত্বৰ এক বিপৰীত সত্ত্বাৰ আৱিষ্কাৰ, তাক ‘অন্য’ বুলি চিহ্নিতকৰণ, সেই অন্যই নিজৰ অস্তিত্ব বিপন্ন কৰিব বুলি এক অহৈতুকী ভীতিৰ চিকাৰ হোৱা মানসিক অৱস্থাটো বা নিজৰ একচেটীয়া জেগা (space)-ৰ কিছু অন্যই গ্ৰাস কৰাৰ প্ৰতি অসহন, আৰু ফলস্বৰূপে সেই অন্যক মষিমূৰ কৰি নিজৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰৱণতা আহৰণ। সাপক মৰিয়াই মৰাৰ আঁৰত আছে সাপৰ প্ৰতি ভীতি; মহক চপৰিয়াই মৰাৰ আঁৰত আছে মহৰ প্ৰতি অসহন।
স্থানভেদে, কালভেদে, পৰিস্থিতিভেদে ‘নিজ’ আৰু ‘অন্য’ৰ স্বৰূপ বেলেগ বেলেগ হয়। কৰবাত হিন্দু নিজ, মুছলমান অন্য, কৰবাত মুছলমান নিজ, অ-মুছলমান অন্য, কৰবাত বিশেষ জনগোষ্ঠী নিজ আৰু আন জনগোষ্ঠী অন্য। কোৱা বাহুল্য যে নিজ আৰু অন্যৰ এই দ্বৈত-বিভাজনমুখী চেতনা আধুনিক অন্তৰ্ভুক্তিমূলক (inclusive) সভ্যতাৰ পৰিপন্থী আৰু বন্যতাৰ লগৰীয়া। এইখিনিতে উল্লেখ কৰি থওঁ যে এই দ্বৈত-বিভাজনমুখী চেতনা আৰু মাৰ্ক্স-কথিত শ্ৰেণীচেতনা সগোত্ৰীয় নহয়। প্ৰথমবিধৰ ভিত্তি উদ্ভট, উৰণীয়া কল্পনা আৰু দ্বিতীয়বিধ তৈয়াৰ হয় সমাজৰ বাস্তৱ অৰ্থনৈতিক বুনিয়াদৰ অন্তৰংগ জ্ঞান বা অভিজ্ঞতাৰ আধাৰত। প্ৰথমবিধ চেতনাই দ্বিতীয়বিধ অৰ্থাৎ শ্ৰেণীচেতনাক গা কৰি উঠিব নিদিয়ে, তাক ঢাকি ৰাখে, দুৰ্বল কৰি ৰাখে।
নানা সংঘাত আৰু সংগ্ৰামৰ মাজেদি মানৱ-জাতিয়ে কেতবোৰ জীৱনমুখী প্ৰমূল্য গঢ়ি আহিছে আৰু সিবোৰৰ আধাৰতে মানৱ-সভ্যতা আহি আজিৰ ঘাটত উপনীত হৈছে। যুক্তিবাদ, বিজ্ঞানমনষ্কতা, গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা, মানৱীয় সাম্য, ভ্ৰাতৃত্ববোধ আদি তেনে প্ৰমূল্য। এনে প্ৰমূল্যৰ বিস্তৃত অনুশীলনে ‘নিজ’ আৰু ‘অন্য’ৰ মাজত থকা কদাকাৰ প্ৰাচীৰ উৰাই দিব পাৰে আৰু মানৱতাৰ বুনিয়াদৰ ওপৰত সভ্যতাৰ সৌধ ৰচিব পাৰে। সামগ্ৰিকভাৱে এখন সমাজ ইবোৰৰ পৰা পিছলি পৰিলে বুজিব লাগিব যে যুগ যুগৰ পুৰুষাৰ্থৰে গঢ়ি অনা সভ্যতাৰ মায়া ছিঙি সেই সমাজে পুণৰ বৰ্বৰ যুগলৈ ওভতনি যাত্ৰা কৰিছে। আমাৰ চৰকাৰ, সচেতন জন-গণ, আমাৰ শিক্ষাব্যৱস্থা যদি সভ্যতাৰ এই প্ৰমূল্যসমূহ ধৰি ৰাখিবলৈ, তাৰ প্ৰসাৰ ঘটাবলৈ, তাক সমৃদ্ধ কৰিবলৈ পৰ্যাপ্তভাৱে সচেষ্ট নহয়, তেন্তে সভ্যতাৰ দেহত বৰ্বৰতাৰ ঘা বহলি যাবই।
তেনে প্ৰয়াস পৰ্যাপ্ত হৈছেনে? কৰ্প’ৰেট গোষ্ঠীৰ সুবিধা হোৱাকৈ শিকাৰু তৈয়াৰ কৰাৰ নৱতম পণ লোৱা আৰু পাঠ্যক্ৰম তৈয়াৰ কৰা শিক্ষা ব্যৱস্থাই উল্লিখিত প্ৰমূল্যসমূহৰ প্ৰসাৰ-বিস্তাৰ কৰিব পৰাকৈ পাঠ্যক্ৰম যুগুতাইছেনে? কৰ্প’ৰেট গোষ্ঠীৰ মনঃপূত হোৱাকৈ উধৰপৰা মূধলৈ পৰিৱেশ বিজ্ঞান বাধ্যতামূলক কৰা শিক্ষাব্যৱস্থাটোৱে কাহানিবা ভাবিছেনে যে উক্ত প্ৰমূল্যবোৰৰ আধাৰত পাঠ প্ৰস্তুত কৰি ‘প্ৰমূল্য-শিক্ষা’ৰ এক বিষয় বাধ্যতামূলক কৰা হওক? সমাজৰ চুকে-কোণে এই প্ৰমূল্যসমূহ বিয়পাই দিব পৰাকৈ কাৰ্যসূচী তৈয়াৰ আৰু ৰূপায়ণ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ হয়নে? সমাজৰ সচেতন, শিক্ষিতচামে আত্মকেন্দ্ৰিক লাভালাভ আৰু স্বাৰ্থৰ হিচাপ-নিকাচৰ শুকান খোলাৰ পৰা ওলাই আহি সভ্যতাৰ উক্ত ইতিবাচক প্ৰমূল্যসমূহৰ ব্যাপনৰ হকে উদ্যোগ গ্ৰহণ কৰেনে? অলপ অলপ সকলোৱে কৰে বা ভাবে নিশ্চয়– কিন্তু তাৰ দ্বাৰা অমানুষিকতাৰ অমানিশাৰ ডাঠ আন্ধাৰ আঁতৰ কৰা সম্ভৱ নহয়।
পিচে, আধুনিক সভ্যতাৰ এই কষ্টোপাৰ্জিত প্ৰমূল্যসমূহে মুক্তমনা কৰি তোলা মানুহক আনে উদ্দেশ্যপ্ৰণোদিতভাৱে ন্যস্তস্বাৰ্থত ব্যৱহাৰ কৰা টান; শোষণ-দমন কৰাও টান। সেইবাবেই শোষণ-নিৰ্ভৰ ৰাষ্ট্ৰৰ শাসকপক্ষ এনে প্ৰমূল্য প্ৰসাৰৰ বাবে বিশেষ উৎসাহী নহয়। ফলত প্ৰমূল্যভিত্তিক শিক্ষাৰ বিস্তৃতিৰ বাবে মৰণপণ কৰাৰ পৰা তেওঁলোকতো দূৰতে বিদূৰ হয়েই, আনকি প্ৰচলিত শিক্ষাকো সমাজৰ চুকে-কোণে পৌছাই দিয়াত তেওঁলোকৰ নানান হোঁহকা-পিছলা। ফলস্বৰূপে ভাৰতত শিক্ষাৰ শিতানত মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় ৪ শতাংশহে খৰচ কৰা হয়, অথচ ইয়াৰ সৈতে তুলনীয় দেশ ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাত সেয়া ৬ শতাংশ। তাতোকৈ উন্নত ৰাষ্ট্ৰৰ কথা বাৰু নকওঁৱেই। ভাৰতত আজি-কালি শিক্ষাক অনুৎপাদনশীল ক্ষেত্ৰ বুলি ধৰি লোৱা হৈছে আৰু ফলস্বৰূপে বিশেষকৈ উচ্চশিক্ষাত চৰকাৰী অনুদান পৰ্যায়ক্ৰমে কমাই অনাৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ জনগণৰ বিপুল অংশ অজ্ঞতাৰ আন্ধাৰত ডুবি থকাটোৱেই শাসকপক্ষৰ কাম্য। জনগণ আলোকৰ অভিযাত্ৰী হ’ব নালাগে, বৃ্হৎ কৰ্প’ৰেট গোষ্ঠীৰ উৎপাদিত সামগ্ৰীৰ খৰিদ্দাৰ হৈয়েই থাকক। এনে পৰিস্থিতিত হাতত অত্যাধুনিক এন্দ্ৰইড্ ম’বাইল লোৱা অথচ সভ্য ৰুচি আৰু প্ৰমূল্য আয়ত্তত নথকা ‘আদিম মানৱ’ৰ হাতত ঘৃণ্য বধপৰ্ব কোনো আচৰিত কথা নহয়।
কোনো কোনো লোকে সন্দেহ প্ৰকাশ কৰিছে যে অসমত সম্প্ৰতি জোৰদাৰ চলি থকা নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬–বিৰোধী আন্দোলন স্তিমিত কৰিবলৈকে সামাজিক মাধ্যমৰ যোগেদি সোপাধৰা আৰু হত্যাকাৰী কিন্নৰ অসমত ঘূৰি ফুৰিছে বুলি বহুদিনৰ পৰা প্ৰচাৰ চলিছে। কথাটো প্ৰমাণসিদ্ধ নহ’লেও এক যুক্তিভিত্তিক অনুমান। কাৰণ সাধাৰণতে যিকোনো ঘটনাৰ আপাত ৰূপৰ অন্তৰালত অন্য এটা ৰূপ সোমাই থাকে বুলি পূৰ্বৰ অলেখ অভিজ্ঞতাৰ পৰা বুজিব পাৰি। এইবেলিও এই অপপ্ৰচাৰ চলিছিল অসমত এক ব্যাপক গণ-প্ৰতিৰোধৰ সমকালীনভাৱে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ ফালৰ পৰা ইমানদিনে ৰাইজক এনে প্ৰচাৰত ভোল নাযাবলৈ কোনো আশ্বাসবাণী শুনোৱা হোৱা নাছিল। এইটো বিচৰা হৈছিল নেকি যে সোপাধৰা আৰু হত্যাকাৰী হিজৰাৰ ভয়ত ৰাইজ ঘৰ এৰি ওলাই নাহক আৰু গণআন্দোলনত চামিল নহওক?
গতিকে ৰাইজে কোনো পৰিস্থিতিতে ন্যায্য দাবী আৰু গণস্বাৰ্থমুখী প্ৰতিৰোধৰ পথ এৰিব নোৱাৰে। কিন্তু, তাকে কৰিব লাগিব সভ্যতাৰ ইতিবাচক প্ৰমূল্যসমূহ ৰপ্ত কৰি আৰু সিবোৰক বহলভাৱে প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি। কোনো কাৰণতে অসমীয়া বনাম কাৰ্বি ধৰণৰ স্থূল দ্বৈত-বিভাজনৰ চিকাৰ হ’ব নালাগিব, কাৰণ এনে বিভাজনো সভ্যতাৰ প্ৰতিকূল আৰু বৰ্বৰতাৰ অনুকূল।
শেষত আমাৰ সমাজৰ এক অনাকাংক্ষিত ৰুগ্নতাৰ বলি হৈ ভৰ যৌৱনতে আমাৰ মাজৰ পৰা মেলানি মগা নীলোৎপল আৰু অভিজিতৰ বাবে দুটোপাল তপত চকুলো পেলাইছোঁ।
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক।